Us Winter Storm : আমেৰিকাত শীতকালীন ধুমুহাই লৈছে ভয়ংকৰ ৰূপ !

প্ৰচণ্ড ঠাণ্ডাত নিমিষতে গোট মাৰিছে উতলি থকা পানী

WhatsApp Image 2022 12 24 at 17.35.35

Us Winter Storm :

আমেৰিকাত আৰম্ভ হোৱা শীতকালীন ধুমুহাই নিদ্ৰা হৰণ কৰিছে সকলোৰে । ইতিমধ্যে শক্তিশালী ৰাষ্ট্ৰখনত ছুটীৰ পৰিকল্পনা বাতিল কৰা হৈছে ।
ধুমুহাৰ সমান্তৰালকৈ অহা প্ৰচণ্ড ঠাণ্ডাই নিমিষতে উতলি থকা পানী গোট মাৰি যোৱা এটা পৰিবেশৰ সৃষ্টি কৰিছে ।
দক্ষিণৰ নাতিশীতোষ্ণ ৰাজ্যসমূহত এই ঠাণ্ডা ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছে ।

ইয়াৰ ফলত শুকুৰবাৰে এক মিলিয়নতকৈ অধিক লোক আন্ধাৰত নিমগ্ন হ’বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে । চাৰিওদিশে অন্ধকাৰে ছানি ধৰিছে ।

এই ‘বোমা ঘূৰ্ণী বতাহ’ৰ ফলত এতিয়া দেশখনৰ কে’বাটাও ঘাইপথ আৰু বিমান কোঠ বন্ধ কৰি দিয়া হৈছে । নেচনেল ৱেদাৰ চাৰ্ভিছ ( এন ডাব্লিউ এছ ) ৰ মতে , এই বতাহৰ ঠাণ্ডা ৫৫ ফাৰেনহাইট ( ৪৮ চেলছিয়াছ) পৰ্যন্ত হ্ৰাস পোৱাৰ বাবে ২০ কোটিতকৈ অধিক লোক আক্ৰান্ত হৈছে ।

এই ঠাণ্ডা ঘূৰ্ণী বতাহৰ বাবে এখন বাহন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰাত সমগ্ৰ অঞ্চলটোত প্ৰায় চাৰি ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

ট্ৰেকাৰ poweroutage.us ৰ মতে এই ঠাণ্ডাৰ ফলত ইতিমধ্যে বিদ্যুৎবিহীন হৈ পৰা লাখ লাখ লোকৰ বাবে বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে ।

মেক্সিকোৰ পৰা অহা প্ৰবজনকাৰী লোকসকলে ইতিমধ্যে গীৰ্জা , বিদ্যালয় আৰু সাহাৰ্য শিৱিৰত আশ্ৰয় লোৱা দেখা গৈছে ।
অধিকাংশ লোকে এই ঠাণ্ডা ঘূৰ্ণী বতাহলৈ কেৰেপ নকৰি অৰ্থাৎ ১৫ ফাৰেনহাইট উষ্ণতাত বাহিৰলৈ ওলাই যোৱাত অধিকাংশ লোক এই বতাহৰ কৱলত পৰিবলগীয়া হৈছে ।

গৃহহীন লোকসকলক সহায় কৰিবলৈ ওলাই অহা বে-চৰকাৰী সংস্থা ‘নাইট মিনিষ্ট্ৰি’ ৰ এজন স্বেচ্চাসেৱকে কয় যে , এই আক্ৰান্তিক লোকসকলক কোট , টুপী , গ্ল’ভছ , থাৰ্মেল আণ্ডাৰৱেৰ , কম্বল আৰু শোৱা বেগ , হাত-ভৰি গৰম কৰা যন্ত্ৰ প্ৰদান কৰা হৈছে ।

ইফালে চেলভেচন আৰ্মীৰ চিকাগো অঞ্চলৰ অধিনায়ক মেজৰ কেলেব চেনে কয় যে , ইতিমধ্যে গৃহহীন লোকৰ বাবে অধিক আশ্ৰয় শিৱিৰ মুকলি কৰা হৈছে । মেজৰ কেলেবে কোৱা অনুসৰি অধিকাংশ মানুহ বৰ্তমানৰ পৰিস্থিতিক লৈ সাংঘাটিক ধৰণে ভীতিগ্ৰস্ত হৈ পৰিছে ।

একেদৰে অণ্টাৰিঅ’ৰ কেলেডনৰ জেনিফাৰ কেম্পবেলে এএফপিক কয় , ‘’ মই ভাবো আমি প্ৰতি বছৰে এইধৰণৰ ডাঙৰ ধুমুহাৰ সৈতে মুখামুখি হওঁ আৰু আমি সেই পৰিস্থিতিক নিজক খাপ খুৱাই লওঁ । যিহেতু আমি কানাডিয়ান , আমি সেইদৰে নিজক খাপ খুৱাই ল’ব পাৰো ।‘’
উত্তৰ আৰু দক্ষিণ ডাকোটা , ওকলাহোমা , আইঅ’ৱা আৰু অন্যান্য ঠাইৰ পৰিবহন বিভাগে তুষাৰপাতৰ প্ৰতিবেদন দাখিল কৰি বাসিন্দাসকলত ঘৰতে থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ।

আনহাতে , বৃহস্পতিবাৰে ওকলাহোমাত দুজন লোক তীব্ৰ যান-জঁটত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । একেদৰে অহাইঅ’ত ৫০ খনকৈ বাহন বৰফৰ স্তূপত আবৃত হৈ পৰিছে । ফলত এজন লোকৰ মৃত্যু হৈছে ।

মিচিগানতো ছখনকৈ ট্ৰেক্টৰৰ ট্ৰেইলাৰে সংঘটিত কৰা দুৰ্ঘটনাত সমগ্ৰ পথছোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । ইতিমধ্যে এই দুৰ্ঘটনাত তিনিজনকৈ লোকৰ মৃত্যু হৈছে ।

শুকুৰবাৰে বিয়লিলৈকে ২৪ ঘণ্টাৰ ভিতৰত বায়ুৰ চাপ তীব্ৰভাৱে হ্ৰাস পোৱাত এই ধুমুহাৰ নাম ‘’ বোমা ঘূৰ্ণী বতাহ ‘’ বুলি নামাকৰণ কৰা হয় ।

বতৰ বিজ্ঞানীৰ মতে , এই বতাহে প্ৰচণ্ড বৰষুণ বা বৰফৰ সৃষ্টি কৰিব পাৰে । আনকি উপকূলীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰিব পাৰে আৰু লগতে হাৰিকেন বতাহৰ সৃষ্টি কৰিব পাৰে ।

উল্লেখ্য যে , এই বতাহৰ ঠাণ্ডাৰ প্ৰকোপ ইমানেই বেছি যে , পাঁচ মিনিটতকৈ বেছি সময় বাহিৰত থাকিলে মানুহৰ গাৰ ছাল হিমৰ কৱলত পৰিব পাৰে ।

এনে পৰিস্থিতিত একাংশ লোকে উতলা পানী নিমিষতে বৰফ হৈ যোৱা এক ভিডিঅ’ পষ্ট কৰি ইয়াৰ ভয়াৱহতা চ’ছিয়েল মিডিয়াৰ যোগে চেয়াৰ কৰা পৰিলক্ষিত হৈছে ।

Exit mobile version