China Gold Mine Collapse : চীনৰ ছিনজিয়াং সোণৰ খনিত খহনীয়া, আৱদ্ধ ১৮ শ্রমিক

tunnel 957963 960 720

China Gold Mine Collapse :

উত্তৰ-পশ্চিম চীনত অৱস্থিত ছিনজিয়াং প্রদেশৰ ইনইং কাউন্টিত এটা সোণৰ খনিত খহনীয়া হোৱাৰ ফলত ১৮ জন শ্রমিক আৱদ্ধ হৈ পৰে । শনিবাৰে সন্ধিয়া ঘটনাটো সংঘটিত হয় ।

ঘটনাৰ সময়ত তাত ৪০ জন শ্ৰমিকে কাম কৰি আছিল । তেওঁলোকৰ ভিতৰত অধিকাংশই অক্ষত অৱস্থাত খনিৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ।

অৱশ্যে খহনীয়াত ১৮ জন শ্ৰমিক আৱদ্ধ হৈ পৰে । খহনিয়াৰ খবৰ পায়েই ঘটনাস্থলত উপস্থিত হয় উদ্ধাৰকাৰী দল । দেওবাৰেও উদ্ধাৰকাৰ্য অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে ২০২১ৰ ছেপ্টেম্বৰত কিংহাই প্রদেশৰ এটা কয়লা খনিৰ খহনীয়াত ১৯ জনৰ মৃত্যু হৈছিল চীনত । দীর্ঘ তলাচীৰ পাছত নশ্বৰ দেহ উদ্ধাৰ হয় সেই কর্মচাৰীসকলৰ ।

ইপিনে বিগত বছৰৰেই ডিচেম্বৰত এটা কয়লা খনিত পানী সোমাই আৱদ্ধ হৈ পৰিছিল ২২ জন শ্রমিক । ছানছি প্রদেশৰ সেই ঘটনাত ২০ জনক উদ্ধাৰ কৰা সম্ভৱ হৈছিল ।

ইপিনে, ঘটনাত দুজনৰ মৃত্যু হৈছিল । এই ধাৰাবাহিক ঘটনাৰ পাছত চীনৰ খনি নিৰাপত্তা কটকীয়া কৰা হৈছে । তৎস্বত্ত্বেও এনে ঘটনা সংঘটিত হৈছে ।

ঘটনা প্রসংগত চীনৰ সংবাদ মাধ্যমত দাবী কৰা হৈছে, সেই দেশৰ খনি সুৰক্ষা ব্যৱস্থা উন্নত হৈছে । তৎস্বত্ত্বেও এই ধৰণৰ ঘটনা ঘটাত প্রশ্ন উত্থাপন হৈছে চৰকাৰ সহযোগী চীনা মিডিয়াৰ প্ৰতিবেদনত ।

ইপিনে, যিমান ঘণ্টা পাৰ হ’ব, সিমানেই এই শ্রমিকসকলৰ জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ হ’ব ।

অভিযোগ, প্রতিবাৰে খনি সুৰক্ষাৰ কথা কয় হ’লেও এই ধৰণৰ দুর্ঘটনা এতিয়াও প্রায়েই সংঘটিত হৈ থাকে । কাৰণ নিৰাপত্তা নির্দেশনাৱলী প্রায়েই শিথিল কৰা হয় কাৰ্যৰ সুবিধাৰ বাবে । বিশেষকৈ প্রত্যন্ত খনিবোৰত এই সমস্যা প্রবল ।

Exit mobile version