Christmas Cake : বৰদিন বিশেষ ; কেকৰ ইতিহাস জানো আহক

88162249

Christmas Cake :

১৪০ বছৰ পূৰ্বে তৈয়াৰ কৰা হৈছিল ভাৰতৰ প্ৰথমটো কেক । বৰদিন বুলি কলেই বেকাৰিত বিভিন্ন ধৰণৰ কেকৰ সমাহাৰ দেখা যায় । বৰদিনত কেক বনোৱাৰ ৰীতি বিদেশত প্ৰচলিত আছিল যদিও ভাৰততো এই ৰীতি বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল ।

১৮৮৩ চনৰ কথা, বৰদিনৰ এই সময়ছোৱাতে মাৰডক ব্ৰাউন নামৰ এজন ব্ৰিটেইনৰ ব্যৱসায়ী দক্ষিণ ভাৰতলৈ আহিছিল । নিজ দেশৰ পৰা বহু দূৰৈত থকা ব্যৱসায়ীজনে ব্ৰিটেইন আৰু ভাৰতৰ স্বাদৰ সংমিশ্ৰণ কৰি এটা কেক তৈয়াৰ কৰা চিন্তা কৰিবলৈ ধৰিলে ।

যিহেতু বৰদিন উপলক্ষে কেক খাবলৈ মন কৰা মাৰডকে ভাৰতৰ ক’ত কেক তৈয়াৰ কৰে নাজানিছিল । উপায় বিচাৰি নাপাই তেওঁ এটা বিস্কুট তৈয়াৰ কৰা কাৰখানালৈ গ’ল । সেই বিস্কুট তৈয়াৰ কৰা কাৰখানাটোৰ মালিক আছিল জনৈক মামবালি বাপু ।

বাপুৰ ওচৰলৈ গৈ তেওঁ বৰদিন উদযাপন কৰিবলৈ এটা কেক বনাই দিয়াৰ কথা কয় । কিন্তু পাউৰুটি আৰু বিস্কুট তৈয়াৰ কৰা বাপুৰ কেক বনোৱাৰ কোনো জ্ঞানেই নাছিল । অৱশেষত সেই সমস্যাৰ সমাধান কৰে মাৰডকে ।

দক্ষিণ ভাৰতৰ মালবাৰ উপকূলৰ স্কট নামৰ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত এজন লোকৰ লগত স্কটৰ লগত ভাল সম্পৰ্ক আছিল । স্কটে প্ৰায়েই ব্ৰিটেইনলৈ গৈ থাকে ।

মাৰডকে কেক খাবলৈ ইচ্ছা কৰাত ব্ৰিটেইনৰ পৰা স্কটে এটা কেক আনি সেই কেকটো বাপুক দিবলৈ যায় আৰু কেক কেনেকৈ তৈয়াৰ কৰে সেইবিষয়ে বাপুক শিকাই দিয়ে ।

সেইমতেই ব্ৰাউন চাহাবৰ নিৰ্দেশ অনুযায়ী বাপুৱে কেক বনাবলৈ আৰম্ভ কৰে । মাৰডকে বাপুক জনাইছিল যে , কেক বনোৱাৰ সময়ত সামান্য ব্ৰাণ্ডি ব্যৱহাৰ কৰিলে কেকৰ স্বাদ বাঢ়ে । ব্ৰাণ্ডি নথকাত বাপুৱে কাজু আৰু আপেলৰ মিশ্ৰণ দিয়ে কেক বনাবলৈ লয় ।

দেশীয় উপকৰণ দিয়েই বাপুৱে উক্ত কেকটো তৈয়াৰ কৰে । বেলেগ স্বাদৰ কেকটো মাৰডকে পচন্দ কৰে নে নকৰে , সেইলৈ বাপুৱে চিন্তা কৰি থাকোতেই অৱশ্যে মাৰডকে ভাৰতীয় উপকৰণেৰে তৈয়াৰ কৰা কেকটো সাংঘাটিকধৰণে পচন্দ কৰে ।

ইয়াৰ পাছতেই মাৰডকে আৰু এক ডজন কেক তৈয়াৰ কৰাৰ অৰ্ডাৰ দিয়ে । নতুন ধৰণৰ কেক , নামও নতুন দিয়া দৰকাৰ । অৱশেষত বাপুৱে এই কেকৰ নাম ‘’ প্লাম কেক’’ দিয়ে । বহুদিনতে বাপুৰ প্ৰকাশিত এটা সাক্ষাৎকাৰত কেকৰ ইতিহাস সন্দৰ্ভত ১৪০ বছৰ পুৰণা এই ইতিহাসৰ কথা ব্যক্ত কৰিছিল বাপুয়ে ।

Exit mobile version