Guwahati : মহানগৰীত ভয়ংকৰ কাণ্ড, মছজিদৰ সভাপতি-সম্পাদকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ 

doctor attempt murder

Guwahati :

মহানগৰীত দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰাৰ সময়তে পুনৰ আন এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

মহানগৰীৰ হাতীগাঁৱৰ অনুপম পথত অৱস্থিত এটা মছজিদত এটা দুৰ্বৃত্তই প্ৰৱেশ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকক চুৰীৰে আঘাত কৰে ।

প্ৰাপ্ত খবৰ মতে, আজি দিনৰ ভাগত ছামচুল আলম নামৰ এই যুৱকজনে হঠাৎ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকক চুৰীকাঘাত কৰি পলায়ন কৰে ।

ইফালে, চুৰীকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰিচালনা সমিতিৰ সম্পাদক চৈয়দ তয়াবুৰ ৰহমানক ততাতৈয়াকৈ এইছ এম হাস্পাতালত ভৰ্তি কৰা হৈছে ।

ইতিমধ্যে ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Exit mobile version