Nepal : নেপাল সীমান্তত ভাৰতীয় শ্রমিকক লক্ষ্য কৰি শিলাবৰ্ষণ

প্রাণ ৰক্ষা কৰিবলৈ কালী নদীত জাঁপ দুই গাড়ী চালকৰ

1671968322 bridge

Nepal :

নদীৰ পাৰত প্রাচীৰ নির্মাণ কাৰ্যত নিযুক্ত ভাৰতীয় শ্রমিকসকল পুনৰ আক্ৰমণৰ বলি হ’ল উত্তৰাখণ্ডৰ পিথোৰাগড় অঞ্চলৰ ধৰ্চুলা নামে নেপাল সীমান্তৱর্তী এখন গাঁৱত ।

নেপালৰ ফালৰ পৰা  তেওঁলোকক লক্ষ্য কৰি শিল দলিওৱাৰ অভিযোগ উত্থাপন হৈছে । নেপাল সীমান্তত কালী নদীত প্রাচীৰ নিৰ্মাণ কৰিছে ভাৰতে । সেই কাৰ্যত জড়িত শ্রমিকসকলৰ গাড়ীত শিল দলিওৱাৰ অভিযোগ উত্থাপন হৈছে শুকুৰবাৰে ।

এই ঘটনাত চাৰিখন ট্রাক ক্ষতিগ্রস্ত হৈছে । প্রাণ ৰক্ষা কৰিবলৈ কালী নদীত জাঁপ দিয়ে ট্রাকচালকসকলে ।

সেই অঞ্চলৰ জল বিভাগৰ কৰ্মচাৰী ফাৰহা আহমেদে এই অভিযোগ কৰিছে । এনে আক্ৰমণ ইয়াৰ পূৰ্বেও হৈছে বুলি তেওঁ জনাইছে ।

ভাৰত আৰু নেপাল দুই দেশৰ মাজেদি বৈ যোৱা কালী নদীত ধৰ্চুলা অঞ্চলত নিৰ্মাণ কৰা হৈছে এই প্রাচীৰ । অভিযোগ, এই নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰিছে নেপালৰ উক্ত অঞ্চলৰ কিছুসংখ্যক লোকে ।

সংশ্লিষ্ট বিষয়টোৰ সন্দৰ্ভত ফাৰহানে কয়, ‘‘এনে ঘটনা সংঘটিত হৈ থাকিলে নির্মাণকাৰৰ্য অব্যাহত ৰখা কঠিন হ’ব ।’’ এই আক্ৰমণৰ ঘটনা পিথোৰাগড়ৰ প্রশাসনক জনোৱা হৈছে । ভৱিষ্যতে এনে ঘটনা ঘটিলে নেপালৰ প্রশাসনকো জনোৱা হ’ব ।

ধৰ্চুলাৰ বাসিন্দাসকলে কয়, নেপালৰ দিশৰ পৰাও কালী নদীৰ পাৰত এনে প্রাচীৰ দিয়া হৈছে । কিন্তু, তাত ভাৰতে বাধা দিয়া নাই । অৱশ্যে ভাৰতত সেই প্রাচীৰ নিৰ্মাণ কৰাত বাৰে বাৰে বাধা দিয়া হৈছে বুলি অভিযোগ । এই পর্যন্ত ১১ বাৰ এনে আক্ৰমণ হৈছে বুলি জানিব পৰা গৈছে স্থানীয় প্রশাসন সূত্রে ।

Exit mobile version