Sudden Death : আকস্মিক মৃত্যুৰ আশংকা

Sudden Cardiac Death in Athletes 1 1200x800 1

Sudden Death :

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ এক আশংকা ব্যক্ত কৰিছে। কিয়নো সমগ্র বিশ্বত বৃদ্ধি পাইছে ২০ৰ পৰা ৪৫ বছৰ বয়সৰ মানুহৰ আকস্মিক মৃত্যু।

সংস্থাটোৰ মতে, বিগত সময়ছোৱাত বিশ্বত বছৰি প্ৰায় চাৰি কোটি মানুহৰ ‘ছাড়েন ডেথ’ বা আকস্মিক মৃত্যু ঘটি আছে। কিন্তু কিদৰে এই আতংকৰ পৰা ৰক্ষা পাব পাৰি?

চিকিৎসকৰ মতে, নিয়মিত স্বাস্থ্য পৰীক্ষা এইক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ। বিশেষজ্ঞৰ দাবী, অনিয়ন্ত্রিত জীৱন-যাপনেই এই আতংক বৃদ্ধিৰ প্ৰধান কাৰণ।

ধূমপান, মদ্যপান, অতিমাত্রা ফাষ্টফুড, নিয়মিতভাৱে ব্যায়াম নকৰা বা নিদ্ৰাৰ মাত্ৰা হ্রাসেই মানুহৰ আকস্মিক মৃত্যু মাতি আনিব পাৰে। হয়তো শৰীৰত তেনে কোনো সমস্যা দেখা নাযায়।

সেয়ে চিকিৎসকৰ কাষলৈ যোৱাৰো প্ৰয়োজনবোধ কৰা নহয়। পৰীক্ষা কৰোৱাৰতো কথাই নাই। ভাবিছে নিশ্চয় সুন্দৰভাৱে জীৱনটো আগুৱাই গৈছে। কিন্তু সেয়া সত্য নহয়।

আপোনাৰ অজান্তেই শৰীৰত বাহ লৈ আছে বিপদে। যাৰ পৰিণতি? হাৰ্ট এটেক আৰু ব্রেইন স্ট্রোক। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বছৰি তিনি কোটি ৮০ লাখ মানুহৰ আকস্মিকভাৱে মৃত্যু ঘটে। ইয়াৰে ৪২ শতাংশ মানুহৰ হয় অকালমৃত্যু।

স্ট্রোকত মৃত্যু হয় ৫২.৮ শতাংশৰ। আনহাতে, ৪০.৯ শতাংশৰ মৃত্যু ঘটে হাৰ্ট এটেকত। এই চক্‌ খাবলগীয়া তথ্য প্রকাশ পাইছে জার্মান বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত।

হৃদৰোগৰ কিছু কিছু ঔষধৰ অনিয়মিত প্রয়োগেই মাতি আনিব পাৰে আকস্মিক মৃত্যু। তেনেহ’লে উপায়?চিকিৎসকে পৰামৰ্শ দিছে যে যমৰ আলহী হোৱাৰ পৰা ৰক্ষা পাবলৈ নিশ্চিতভাৱে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাব লাগিব।

কিন্তু কি পৰীক্ষা? চিবিচি, অর্থাৎ শৰীৰৰ হিমোগ্লবিন, শ্বেত কণিকা আৰু প্লেটলেট্‌ছ গণনা।এইছবিএ১চি, অর্থাৎ ডায়েবেটিছৰ পৰীক্ষা।টিএছএইছ, অর্থাৎ শৰীৰত থায়ৰ’য়েডৰ পৰীক্ষা।

ছিৰাম লিপিড প্ৰ’ফাইল, অর্থাৎ তেজত চৰ্বিৰ পৰিমাণৰ পৰীক্ষা। কিডনী ফাংচন টেষ্ট, অর্থাৎ কিডনীৰ কাৰ্যক্ষম নিৰ্ণয়। ছিৰাম ইউৰিক এচিড, অর্থাৎ তেজত ইউৰিক এচিডৰ পৰিমাণ নির্ণয়। ইউৰিণ ফৰ আৰ, এম অথবা ই।

লিভাৰ ফাংচন টেষ্ট, অর্থাৎ লিভাৰৰ কার্যক্ষমতা নির্ণয়। হেপাটাইটিছ ‘বি’ শৰীৰত আছে নে নাই চাবলৈ এইছবিএছএজি আৰু এণ্টিএইছবিএছ। হৃদযন্ত্ৰৰ অৱস্থা চাবলৈ ইচিজি। সাধাৰণতে শ্বাসনলীৰ সংক্রমণ বা নিউমোনিয়া চিনাক্তকৰণৰ বাবে এ’-ৰে’ টেষ্ট।

হৃদযন্ত্র স্বাভাৱিকতকৈ ডাঙৰ নেকি বা হাওঁফাওঁত পানী জমা হৈছে নেকি চোৱাৰ পৰীক্ষা ৷।আলট্রাছ’ন’গ্ৰাম, অর্থাৎ পিত্তথলী বা পিত্তনলীত পাখৰ আছে নেকি। সামগ্ৰিকভাৱে পেটৰ ভিতৰৰ অংগসমূহৰ গঠনগত কোনো সমস্যা আছে নেকি। এই সকলোবোৰৰ নিয়মিত পৰীক্ষা কৰাই থাকিবলৈ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিছে।

Exit mobile version