Acid Attack :
ঢেকীয়াজুলিত ৰাক্ষসমাৰীত ভয়ংকৰ ঘটনা। ৩৫ বছৰীয়া এগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ কৰে বাৎসু কৰ নামৰ এজন লোকে ।
যাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। লগে লগে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান ICUত চিকিৎসাধীন যুৱতীগৰাকী।
তথ্য অনুসৰি,এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকীৰ পিঠি, ডিঙি, বাওঁহাত, গাল আৰু মূৰত আঘাতপ্ৰাপ্ত হৈছে ৷ঘটনাটো সংঘটিত কৰাৰ পাছতে আক্ৰমণকাৰীজনে ঢেকীয়াজুলি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷