Black Pepper : কৰ’নাক লৈ আতংকিত নহ’ব

সুৰক্ষিত থাকিবলৈ ভৰসা ৰাখক পাকঘৰৰ অতি পৰিচিত এবিধ মচলাৰ ওপৰত

images 1 13

Black Pepper :

চীনৰ ক’ভিড পৰিস্থিতিয়ে ক্রমশ উদ্বেগ বৃদ্ধি কৰিছে । কৰ’নাৰ নতুন উপৰূপ বিএফ.৭-ৰ আক্ৰমণত সেই দেশৰ পৰিস্থিতিও বিপর্যস্ত । ভাৰততো কৰ’নাৰ নতুন উপৰূপত আক্রান্ত হৈছে চাৰিজন । অৱশ্যে তেওঁলোক সকলোৱে বৰ্তমান সুস্থ ।

চীনৰ দৰে ভাৰততো নতুনকৈ ক’ভিড স্ফীতি হ’ব পাৰে নেকি, সেয়া এতিয়াই ক’ব পৰা নাযায় । অৱশ্যে সুৰক্ষিত থকাত ক্ষতি নাই । সুস্থ থাকিবলৈ সতর্ক হোৱা প্ৰয়োজন ।

ক’ভিড সংক্রমণৰ ক্ষেত্রত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্ব দিবলৈ কৈছে চিকিৎসকসকলে । লগতে প্রয়োজন পুষ্টিকৰ আৰু সুষম খাদ্য ।

পুষ্টিবিদসকলে জনাইছে, এনে পৰিস্থিতিত নিজকে সুৰক্ষিত ৰাখিবলৈ এক বিশ্বাসযোগ্য উপাদান হৈছে জালুক । এন্টিঅক্সিডেন্ট, এন্টিমাইক্র’বিয়েল উপাদান-সমৃদ্ধ এই মচলাত কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে ।

‘নেছনেল লাইব্রেৰি অৱ মেডিচিন’-ৰ এক গৱেষণাপত্রত প্রকাশিত, জালুকত পিপেৰিন নামক উপাদান থাকে । ই হজমশক্তি বৃদ্ধি কৰাৰ লগতে স্নায়ুৰ সক্রিয়তা অটুট ৰখাতো সমান উপকাৰী ।

শীতকাল মানেই চর্দি-কাহ । সুস্থ থাকিবলৈ ভৰসা ৰাঠিব পাৰে জালুকৰ ওপৰত । নিমিষতে কমি যাব ঠাণ্ডা লগা । যিসকলে অতিমাত্রা ধূমপান কৰে, তেওঁলোকৰ বাবে জালুক অতি উপকাৰী । জালুক খালে ধূমপানৰ প্রতি আসক্তি কমে ।

দাঁতত কেভিটি বা বিষ হ’লে, মুখত জালুক ৰাখিব পাৰে । দাঁত ভালে থাকিব জালুকৰ গুণত । ঠাণ্ডা লগাৰ আন এটা লক্ষণ হ’ল নাক বন্ধ থকা‌ । ঘৰত জালুক থাকিলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই । গৰমপানীত কেইটামান জালুক পেলাই দি সেই পানী ভাপ ল’ব ।

শীতকালত হাঁপানিৰ সমস্যাও বাঢ়ে । একাপ গৰম পানীত এচামুছ জালুক আৰু দুচামুচ মৌ দি খালে শ্লেষ্মা দূৰ হ’ব । ডিঙি বিষ কমিব । জালুক খালে শৰীৰ গৰম হৈ ঘাম বেছিকৈ ওলায় । ফলত শৰীৰৰ পৰা অতিৰিক্ত টক্সিন কমি থাকে । ফলত ছাল ভাল থাকিব, ওজনো নিয়ন্ত্রণত থাকিব ।

Exit mobile version