Corona Virus : মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰিলে কৰ্ণাটক চৰকাৰে ! নতুন বৰ্ষৰ পূৰ্বেই আৰম্ভ হ’ল কৰ’নাবিধি

download 1 15

Corona Virus :

নতুন বছৰৰ পূৰ্বেই ক’ৰনাবিধি আৰম্ভ কৰিলে কৰ্ণাটক চৰকাৰে।সোমবাৰে কৰ্ণাটক চৰকাৰৰ তৰফৰ পৰা বিজ্ঞপ্তি দি এই নিৰ্দেশ দিয়া হৈছে ।

ADVERTISEMENT

ইয়াৰ উপৰিও, নৱবৰ্ষৰ অনুষ্ঠানৰ বাবেও সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰে জনাই যে নিশা এক বজাৰ পাছত কোনো সমাৱেশ নহ’ব।

চীনত বৃহৎ সংখ্যক লোক কৰ’নাৰ নতুন প্ৰকাৰ, বিএফ.৭-ৰ দ্বাৰা সংক্ৰমিত হৈছে। কৰ’না ৰোগীৰে ভিৰ হৈ পৰিছে চিকিৎসালয়সমূহ।

পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে চিকিৎসালয়ত বিচনাৰ অভাৱ দেখিবলৈ পোৱা গৈছে । কৰ’নাৰ এই একেই প্ৰকাৰে আন কে’বাখনো দেশলৈ বিয়পি পৰিছে।

ভাৰততো, এই প্ৰকাৰৰ কৰ’নাৰ আক্ৰান্ত পোৱা গৈছে। সেয়েহে, কৰ্ণাটকে আগতীয়াকৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰেষ্টুৰেণ্ট, ক্লাব, বাৰ, বিদ্যালয় আৰু মহাবিদ্যালয়, থিয়েটাৰ হল য’ত বৃহৎ সমাৱেশ অনুষ্ঠিত হয় বা বৃহৎ সংখ্যক লোক একত্ৰিত হয় তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব।

সেই ঠাইসমূহত আসনৰ সংখ্যাৰ আধা ব্যৱহাৰ কৰিব পাৰিব । কৰ্ণাটক চৰকাৰে , সন্তানসম্ভৱা, শিশু আৰু বৃদ্ধসকলে যাতে জনসমাগম পৰিহাৰ কৰে সেয়া নিশ্চিত কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

Exit mobile version