COVID-19 in India : বিহাৰত থাইলেণ্ড-ম্যানমাৰৰ পৰা অহা চাৰি তীর্থযাত্রীৰ দেহত পোৱা গৈছে ক’ভিড উপসর্গ

coronavirus testing

COVID-19 in India :

বিহাৰৰ বুদ্ধ গয়া ভ্ৰমণ কৰিবলৈ থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা অহা চাৰিজন বিদেশী তীৰ্থযাত্ৰীৰ দেহত কৰ’নাৰ লক্ষণ পোৱা গৈছে । বিহাৰৰ গয়া জিলাৰ এগৰাকী স্বাস্থ্য বিষয়াই সোমবাৰে এই বিষয়ে অৱগত কৰে ।

গয়া বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে নিয়ম অনুসৰি সকলো যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰা হয় । তাৰ ভিতৰত চাৰিজনৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট পজিটিভ আহিছে ।

গয়া জিলাৰ ভাৰপ্ৰাপ্ত মুখ্য স্বাস্থ্য বিষয়া ৰঞ্জন কুমাৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা সপ্তাহৰ শেষৰ ফালে জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অহা যাত্ৰীসকলৰ ভিতৰত মুঠ ৩৩ জন বিদেশী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ।

ইয়াৰে থাইলেণ্ড আৰু ম্যানমাৰৰ চাৰিগৰাকী তীৰ্থযাত্ৰী ক’ভিড-১৯ত আক্ৰান্ত হৈছে । যাত্ৰীসকল যিখন হোটেলত আছিল তাতেই তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে । অৱশ্যে সিঙে কয় যে তেওঁলোকৰ শাৰীৰিক অৱস্থা সুস্থিৰ ।

প্রসংগত, তিব্বতৰ সন্ন্যাসী দালাই লামাই বুদ্ধ গয়াত এখন আলোচনাচক্ৰত ভাষণ দিয়াৰ কথা আছিল । সেই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দেশ-বিদেশৰ পৰা বহু তীৰ্থযাত্ৰী গয়াত আহিছে ।

অৱশ্যে সিঙে কয় যে চীনত ক’ভিডৰ নতুন উপৰূপ ‘বিএফ-৭’ বিস্ফোৰকভাৱে বিয়পি পৰাৰ পাছত বিহাৰৰ দুটা বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত যাত্ৰীৰ ক’ভিড পৰীক্ষা বৃদ্ধি কৰা হৈছে । তেওঁ লগতে কয় যে আক্ৰান্ত যাত্ৰীসকলৰ বয়স ৩৫ৰ পৰা ৭৫ বছৰৰ ভিতৰত ।

Exit mobile version