Greater adjutant :
সংগঠনটোৰ সভাপতি মলয়া বৰুৱাই দেওবাৰে উদ্বেগেৰে প্ৰকাশ কৰে যে এটা বৃহৎ চৰাই সুস্থিৰ পৰ্যায়ত বৰ্তি থাকিবলৈ হ’লে তাৰ সংখ্যা ন্যূনতম পাঁচ হেজাৰ হোৱাটো প্ৰয়োজন।
অন্যথা যিকোনো দুৰ্যোগৰ মুখামুখি হ’লে বংশ উছন হ’ব পাৰে।ব্ৰহ্মদেশত এসময়ত লাখ লাখ হাড়গিলা আছিল। তাৰ পাছতো বৃহৎ চৰাইবিধৰ বংশ দেশখনত নিশ্ছিন্ন হয়।
এই জৰীপত গুৱাহাটীত লক্ষ্যণীয়ভাৱে চৰাইবিধৰ সংখ্যা হ্রাস হোৱাৰ তথ্য পোহৰলৈ আহিছে। সংগঠনটোৱে সদৰী কৰা অনুসৰি, পূর্বে মহানগৰীৰ জিনজাৰ হোটেলৰ সমীপ, শিলসাঁকো বিল, বৰছলা আৰু সৰুছলা বিল, উলুবাৰী বজাৰ, উজান বজাৰ নৈৰ পাৰ,উলুবাৰী কবৰস্থান আৰু বৰঝাৰৰ কাষৰ পাচনিয়াপাৰাৰ ডবকাবিলত হাড়গিলা দেখা গৈছিল।
কিন্তু চলিত বৰ্ষত কৰা জৰীপত এই অঞ্চলকেইটাত এটাও বৰটোকোলা পোৱা নগ’ল। কেৱল দীপৰ বিলৰ সমীপৰ জাবৰ পেলোৱা ঠাইত সৰ্বাধিক ২৭৩ টা বৰটোকোলা দৃষ্টিগোচৰ হয়।
গুৱাহাটীৰ মুঠ আঠটা ঠাইত একে সময়তে এইবাৰ বৰটোকোলা গণনা কৰা হয় আৰু তাৰ সাতটা স্থানত মুঠ ৩১৭ টা দৃষ্টিগোচৰ হয়৷
সংগঠনটোৰ তথ্য অনুসৰি, উত্তৰ গুৱাহাটীৰ ৰং মহল আৰু দীঘ্ৰেশ্বৰী মন্দিৰৰ কাষত চাৰিটা বৰটোকোলা দৃষ্টিগোচৰ হয়। অন্যান্য স্থানৰ ভিতৰত কমলপুৰৰ কাষৰ বৰডেকপাৰত দুটা, ছিপাঝাৰত দুটা, লখিমপুৰৰ কুৱাবাৰী দলনিত দুটা আৰু জাঁজীমুখৰ মিছামাৰী বিলত দুটা বৰটোকোলা দৃষ্টিগোচৰ হয়।
একেদৰে ঢকুৱাখনাৰ কুৱাবাৰী দলনিত ১২ টা, সৰলাপথাৰত পাঁচটা, পাভ বনাঞ্চলত দুটা, কামৰূপৰ দদৰা-শিঙিমাৰী-পছৰিয়া আদি স্থানত ১,৫৭২ টা, মৰিগাঁৱৰ ভকতগাঁৱত ৩১৫ টা হাড়গিলা পোৱা যায়।
এনেদৰে অসমত সৰ্বমুঠ ১,৯১৯ টা হাড়গিলাৰ অৱস্থিতি ধৰা পৰে। অৱশ্যে ধেমাজি আৰু কাজিৰঙাৰ উপৰি লাওখোৱা, বুঢ়াচাপৰি আদিত একে সময়তে এইবাৰ গণনা কৰা নহ’ল।
উল্লেখযোগ্য যে হাড়গিলা প্ৰতি বছৰে একে ঠাইতে পোৱা নাযায়। খাদ্য আহৰণৰ থলী সলনি হ’লে বৰটোকোলায়ো ঠাই সলনি কৰে।