Kabul : তালিবানি ফতোৱাক প্ৰত্যাহ্বান আফগান ছাত্রৰ

EA7A902B 93A3 4437 A8FD BEFCE2312114

Kabul :

মহিলাৰ উচ্চশিক্ষাত নিষেধাজ্ঞা ঘোষণা কৰিছে তালিবানে । ইয়াৰ প্ৰতিবাদত কাবুলৰ ৰাজপথত নমা আফগান ছাত্ৰীসকলক প্ৰহাৰ কৰা হৈছে ।

এইবাৰ আফগানিস্তানৰ ছাত্ৰসকলেও এই প্ৰতিবাদত যোগ দিছে । সহপাঠী বান্ধৱীসকলক সহযোগ কৰি তেওঁলোকে তালিব শাসকক প্ৰত্যাহ্বান জনায় ।

ছাত্ৰসকলে জনায় যে য’ত ছোৱালীৰ উচ্চ শিক্ষাৰ সুযোগ নাই, তাত তেওঁলোকেও শিক্ষাগ্ৰহণ কৰিব নিবিচাৰে । ছোৱালীয়ে ক্লাছ কৰিব নোৱাৰিলে তেওঁলোকেও বিশ্ববিদ্যালয়ৰ শ্ৰেণীত উপস্থিত নাথাকে ।

দেওবাৰে আফগানিস্তানৰ স্থানীয় চেনেল ট’ল’ নিউজত ছাত্রসকলৰ এই প্রতিবাদ প্ৰকাশ কৰা হৈছে । তাত মোজাম্মেল নামে এজন ছাত্র‌ই কোৱা শুনা যায়, ‘‘আমাৰ শ্ৰেণীকোঠা বৰ্জন অব্যাহত থাকিব । যেতিয়ালৈকে ছোৱালীৰ বাবে বিশ্ববিদ্যালয়ৰ দুৱাৰ খোল নাখাই আমিও আমাৰ বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিম । প্ৰয়োজন হ’লে এনেকুৱা শিক্ষা গ্ৰহণেই নকৰো ।’’

নবিদুল্লা নামৰ আন এজন ছাত্র‌ই কয়, ‘‘আমাৰ ভগ্নীসকলৰ বাবে বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হৈছে । সেয়ে আমিও বিশ্ববিদ্যালয়ত যাব নিবিচাৰো ।’’

আফগানিস্তানৰ তালিবান শাসকে ছোৱালীৰ উচ্চ শিক্ষা নিষিদ্ধ কৰি কৈছিল যে “ছোৱালীসকলে বিয়া ঘৰত যোৱাৰ দৰে বিশ্ববিদ্যালয়লৈ গৈছে ।” যাক লৈ প্রতিবাদমুখী হৈ পৰিছিল আফগান ছাত্রীসকল ।

হিজাব আৰু মাস্ক পিন্ধি মুখ ঢাকি তালিবানী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল তেওঁলোক । শ্ল’গান দিছিল, ‘‘এনে নিষেধাজ্ঞা মানি ঘৰত বহি থকাতকৈ শিৰচ্ছেদ কৰাই ভাল ।’’

যদিও বিক্ষোভকাৰী ছাত্রীসকলক মাৰ-ধৰ কৰি ছত্রভংগ কৰে তালিবান নিৰাপত্তাৰক্ষীসকলে ।

এই ঘটনাৰ পাছতেই ছাত্রীসকলৰ সহযোগত শ্ৰেণীকোঠা বৰ্জন কৰে ছাত্রসকলে । আফগানিস্তানৰ টিভি চেনেলৰ খবৰ অনুসৰি কাবুল বিশ্ববিদ্যালয়ৰ শিক্ষকৰ এক বৃহৎ অংশয়ো ছাত্ৰীসকলক শ্ৰেণীলৈ ঘূৰাই অনাৰ দাবীত আন্দোলন আৰম্ভ কৰিছে ।

তফিকুল্লাহ নামৰ এজন অধ্যাপকে সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত কয়, ‘‘শীঘ্ৰে আমাৰ ভগ্নীসকলক শ্ৰেণীকোঠালৈ ঘূৰাই আনিব বাবে আমি ইছলামিক এমিৰেটছক অনুৰোধ জনাইছো ।’’

প্রসংগত, ডিচেম্বৰৰ আৰম্ভণিতেই মহিলাৰ উচ্চশিক্ষাত নিষেধাজ্ঞা জাৰি কৰিছে তালিবানে । ইয়াৰ পূৰ্বে মহিলাসকলে ৰাজপথলৈ ওলাই অহা, বিভিন্ন কর্মক্ষেত্রৰ পৰা মহিলা কর্মচাৰীসকলক ছাটাই কৰাৰ দৰে সিদ্ধান্ত লৈছে তালিবানে । যাৰ ফলত আন্তর্জাতিক মহলত তীব্র গৰিহণাৰ সন্মুখীন হৈছে ।

Exit mobile version