Nirmala Sitharaman : এইমছত ভৰ্তি নিৰ্মলা সীতাৰমণ !

NIRMALA SITHARAM Delhi University 2022 INDEX 13 09 1

Nirmala Sitharaman :

চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ । সোমবাৰে দুপৰীয়া প্ৰায় ১২ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মন্ত্ৰীগৰাকীক। এইমছৰ সূত্ৰ অনুসৰি, তেওঁক চিকিৎসালয়ৰ এটা কেবিনত ৰখা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নিৰ্মলাৰ শাৰীৰিক অৱস্থাৰ বিষয়ে আশংকা একো নাই। তেওঁ এতিয়া সুস্থিৰ। তেওঁৰ চিকিৎসা চলি আছে। সূত্ৰ অনুসৰি, চিকিৎসালয়খনে শীঘ্ৰেই নিৰ্মলাৰ শাৰীৰিক অৱস্থাৰ ওপৰত এখন বুলেটিন প্ৰকাশ কৰিব।

নিৰ্মলা সীতাৰমণে অহা বছৰৰ এক ফেব্ৰুৱাৰীত বাজেট উপস্থাপন কৰাৰ কথা আছে। শুক্ৰবাৰে, তেওঁ ইংগিত দিয়ে যে এই বছৰৰ বাজেটে ৰাজহুৱা কল্যাণ মূলক প্ৰকল্পৰ ব্যয় বৃদ্ধি কৰিব।

Exit mobile version