Shraddha Walkar Murder Case : আফতাব কাণ্ডৰ নতুন মুৰ ! আৰক্ষীৰ হাতত পৰিল অডিঅ’ ৰেকৰ্ড

1668673159 sradhha aftab

Shraddha Walkar Murder Case :

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ নতুন মুৰ। আফতাবৰ নতুন অডিঅ’ ৰেকৰ্ড আহি পৰিল আৰক্ষীৰ হাতত। যাক এই গোচৰৰ ” ডাঙৰ প্ৰমাণ” বুলি দাবী কৰিছে অনুসন্ধানকাৰীসকলে ।

প্ৰেমিকা তথা লিভ-ইন সংগীক হত্যা কৰি তেওঁৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কটাৰ ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আফতাব আমিন পুনাৱালাক ।

হত্যাৰ ছয় মাহ পাছত, এই ঘটনা প্ৰকাশ্যেত আহে । আৰক্ষীয়ে জনোৱা অনুসৰি, আফতাবে তেওঁলোকৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰিছে। কিন্তু অনুসন্ধানকাৰীসকলে প্ৰমাণ সংগ্ৰহ কৰিবলৈ বহুতো তদন্ত কৰিছে।

আফতাবৰ যি নতুন অডিঅ’ত পোৱা গৈছে, তাত শুনা গৈছে যে শ্ৰদ্ধাৰ স’তে কিছু কথাত আফতাবৰ মনোমালিন্য হৈছিল । লাহে লাহে, এই কথা বতৰা তুমুল কাজিয়াত উপনীত হয় ।

আফতাবে শ্ৰদ্ধাক কিয় হত্যা কৰিছিল? অনুসন্ধানকাৰীসকলে অনুমান কৰে যে অডিঅ’টোৱে হত্যাৰ কাৰণ অধিক স্পষ্ট কৰিব।

আদালতৰ নিৰ্দেশৰ পাছত, ফৰেনচিক দলে সোমবাৰে আফতাবৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহ কৰিব। তাৰ পাছত, ইয়াক নতুনকৈ পোৱা অডিঅ’ ৰেকৰ্ডৰ স’তে মিলাই চোৱা হ’ব।

শুক্ৰবাৰে আফতাবৰ কাৰাগাৰৰ জিম্মা আৰু ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে । অভিযুক্তজন ২৬ নৱেম্বৰৰ পৰা জিম্মাত আছে।

আফতাবৰ উকীলে আদালতত নতুন অডিঅ’ প্ৰমাণিত কৰিবলৈ তেওঁৰ কণ্ঠস্বৰৰ নমুনাৰ পৰীক্ষাৰ বিৰোধিতা কৰে ।

যদিও, ন্যায়াধীশে জনাই যে অভিযুক্তৰ সন্মতি কেৱল নাৰ্কো পৰীক্ষা বা পলিগ্ৰাফ পৰীক্ষাৰ ক্ষেত্ৰত হে প্ৰয়োজন। এই ক্ষেত্ৰত তেওঁক ইয়াৰ প্ৰয়োজন নাই।

Exit mobile version