Sushant Singh Rajput : সুশান্ত সিং ৰহস্যত বিৰাট চমক !

‘তেওঁক হত্যা কৰা হৈছে’, দাবী মৰণোত্তৰ পৰীক্ষকৰ

sushant singh rajput passes away 85185fbe ae45 11ea 8237 3f05c44deb25

Sushant Singh Rajput :

২০২০ৰ জুনত মৃত্যু হৈছে সুশান্ত সিং ৰাজপুতৰ । কিন্তু তেওঁৰ মৃত্যু এতিয়াও বিনোদন জগতত আৰু অনুৰাগীৰ মনত সতেজ ঘা হৈয়েই আছে ।

তেওঁৰ মৃত্যুৰ কাৰণ কি, তেওঁ আত্মহত্যা কৰিছিল নেকি, নে তেওঁক হত্যা কৰা হৈছে— এইসমূহ প্রশ্নৰ উত্তৰ এতিয়াও পোৱা নাই । ইয়াৰ মাজতেই পোহৰলৈ আহিল বৃহৎ খবৰ ।

মৰণোত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত এজন ব্যক্তিয়ে সংবাদ মাধ্যমক কয় যে সুশান্তে আত্মহত্যা কৰা নাছিল । তেওঁক হত্যা কৰা হৈছিল । মৃতদেহ দেখিয়ে তেওঁ ধৰিব পাৰিছিল ।

ব্যক্তিজনৰ নাম ৰূপকুমাৰ শ্বাহ । সুশান্তৰ মৃত্যুৰ পাছত মৰণোত্তৰ পৰীক্ষাত জড়িত আছিল তেওঁ । ৰূপকুমাৰে কি ক’লে ?

তেওঁ সংবাদমাধ্যমক জনাইছে, ‘সেইদিনাখন পাঁচটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হয় । তাৰে এজন খ্যাত ব্যক্তি বুলি আমি শুনিছিলো । মৰণোত্তৰ পৰীক্ষাৰ সময়ত আমি গ’ম পালো যে সেয়া সুশান্তৰ মৃতদেহ । সৰ্ব শৰীৰত কে’বাটাও দাগ আছিল । ডিঙিৰ ওচৰতো তিনিটা দাগ আছিল । মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকর্ড কৰাৰ কথা আছিল । কিন্তু উচ্চপদস্থসকলে কয়, কেৱল ষ্টিল ছবিয়ে তোলা হ’ব । আমি সেইদৰেই কাম কৰিলো ।’

ইয়াৰ পাছত ৰূপকুমাৰ জনাইছে, ‘প্ৰথম যেতিয়া সুশান্তৰ মৃতদেহ দেখিছিলো তেতিয়াই মই ভাবিছিলো যে এয়া আত্মহত্যা নহয়, তেওঁক হত্যা কৰা হৈছে । ম‌ই সেই কথা, মোৰ উৰ্ধতন বিষয়াকো জনাওঁ । ইয়াৰ পাছত উৰ্ধতন বিষয়াই মোক খৰধৰকৈ ফটো তুলি মৃতদেহটো আৰক্ষীক গতাবলৈ কয় । সেয়ে নিশাহে আমি মৰণোত্তৰ পৰীক্ষা কৰিব পাৰিলো ।’

২০২০ৰ ১৪ জুনত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হয় । ইয়াৰ পাছৰ পৰাই তেওঁৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হয় । যদিও ৰিপ’ৰ্টত আত্মহত্যা বুলি অভিহিত কৰা হয়, তথাপিও সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ইয়াক মানি লোৱা নাছিল । বৰঞ্চ তেওঁলোকে বাৰে বাৰে আঙুল টোৱাইছে মহাৰাষ্ট্রৰ ৰাজনীতিৰ স’তে জড়িত বিভিন্ন ব্যক্তিৰ ওপৰত ।

পৰিয়ালবৰ্গৰ দাবী সুশান্তৰ মৃত্যুৰ তদন্তত ৰাজনৈতিক প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰা হৈছে । শক্তিশালী লোকে তেওঁৰ মৃত্যুক আত্মহত্যা বুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰিছে ।

শেহতীয়াকৈ সুশান্ত সিঙৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে সুশান্তৰ মৃত্যুৰ বাবে মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । সেয়ে তেওঁলোক সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি মানি ল’বলৈ অনিচ্ছুক । আনকি ৰিয়া চক্ৰৱৰ্তীলৈও আঙুলি টোৱায় ।

Exit mobile version