COVID-19 : নিভৃতবাস-ক’ভিড পৰীক্ষা নীতি প্ৰত্যাহাৰ কৰ’না বিধ্বস্ত চীনৰ

বাধা নাই বিদেশী পর্যটকৰ প্রৱেশত

chinacovid1200 0

COVID-19 :

শ্মশানত ঠাই নোহোৱা হৈছে চীনৰ । প্ৰিয়জনকৰ মৃতদেহ দাহ কৰিবলৈ প্ৰায় ২৪ ঘন্টা অপেক্ষা কৰিব লগা হৈছে ।

কৰ’নাৰ সাম্প্ৰতিক আক্ৰমণত বিধ্বস্ত হোৱা দেশখনে কিছুদিন পূৰ্বে সংক্ৰমণৰ হিচাপ দিয়াও বন্ধ কৰি দিছে । ইয়াৰ মাজতে চীন চৰকাৰে কঠোৰ বন্দীত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ! নৱ বৰ্ষৰ আঠ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম ।

কৰ’না সম্পৰ্কীয় কঠোৰতা যেনে তলাবন্ধ, নিভৃতবাস চীনতে প্ৰথম ঘোষণা কৰা হৈছিল । ২০১৯ত চীনৰ উহান প্ৰদেশত কৰ’না ভাইৰাছ ধৰা পৰাৰ পাছতে চীনত তলাবন্ধ ঘোষণা কৰিছিল ।

কৰ’নাৰ বিৰুদ্ধে যুঁজ দিববলৈ কিছুদিন পূৰ্বেও চীনত একেই নিয়ম প্ৰযোজ্য আছিল । কিছুদিন পূৰ্বে ছি জিনপিং চৰকাৰৰ ‘জিৰ’-ক’ভিড নীতি’ৰ বাবে চীনত কঠোৰ তলাবন্ধ জাৰি কৰা হৈছিল ।

কৰ’নাৰ নতুন সংক্ৰমণ আৰম্ভ হোৱাৰ আগতেই চৰকাৰৰ তলাবন্ধৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছিল চীনৰ জনসাধাৰণ । চীনে সোমবাৰে কয় যে তেওঁলোকে আৰু নিভৃতবাসৰ নীতি পালন কৰে । চীনৰ বিভিন্ন মহলত খবৰ, তলাবন্ধৰ নিয়মো প্ৰত্যাহাৰ কৰা হ’ব পাৰে ।

আনকি, বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকে মানি চলিবলগীয়া হোৱা ক’ভিড পৰীক্ষা আৰু সাত দিনৰ নিভৃতবাস এতিয়া প্ৰয়োজনীয় নহয় । ইয়াৰ পৰিৱৰ্তে বিশ্বৰ আন দেশৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব চীনৰ প্ৰৱেশ দ্বাৰ ।

দেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ তথ্য অনুসৰি জ্বৰ বা ফ্লুৰ দৰে লক্ষণ থকা বিদেশী পৰ্যটকৰহে ক’ভিড পৰীক্ষা কৰা হ’ব । আয়োগৰ তথ্য অনুসৰি অতি শীঘ্ৰে চীনৰ বাসিন্দাসকলেও দেশৰ বাহিৰলৈ যাব পাৰিব । অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত চীনে কয় যে ক’ভিডৰ নিয়ম মানি চলিব ।

চীন চৰকাৰে হঠাত পুৰণি নীতি সলনি কৰি কিয় ইমান বিপৰীত পথ গ্ৰহণ কৰিলে তাৰ কোনো স্পষ্ট ব্যাখ্যা নাই । কিন্তু আন এক সূত্ৰৰ মতে চীন চৰকাৰে চীনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ ক’ভিডৰ চিকিৎসাৰ বাবে ফাইজাৰৰ ‘পেক্সল’ভিড’ নামৰ ঔষধৰ যোগান বৃদ্ধি কৰিছে ।

কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ বিদেশত প্ৰস্তুত একমাত্ৰ এই ঔষধকেই চীনত অনুমোদন দিয়া হৈছে । অনেকৰ মতে জিন পিং প্ৰশাসনে পেক্সল’ভিডৰ বণ্টন বৃদ্ধি কৰিছে । প্ৰতিৰোধে কাম নকৰাত এইবাৰ প্ৰতিকাৰত জোৰ দিছে নেকি চীনে ?

Exit mobile version