Covid 19 India : ‘ চতুৰ্থ টিকাকৰণ আৰম্ভ কৰক ‘, ক’ভিডক লৈ স্বাস্থ্যমন্ত্ৰীক পৰামৰ্শ বিশেষজ্ঞ চিকিৎসকসকলৰ

Covid 19 India :

চীনকে ধৰি কে’বাখনো দেশত ক’ভিড-১৯ বৃদ্ধিৰ মাজতে স্বাস্থ্য বিশেষজ্ঞসকলে ভাৰতীয় নাগৰিকৰ বাবে ভেকছিনৰ দ্বিতীয় বুষ্টাৰ পালিৰ অনুমোদনৰ বাবে আবেদন জনাইছে।

সোমবাৰে এখন বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীক এই অনুৰোধ জনায় ।স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সোমবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আইএমএ), বিশেষজ্ঞ চিকিৎসক আৰু জনস্বাস্থ্য বিষয়াসকলৰ স’তে এখন বৈঠকত বহে ।

বৈঠকত অনাগত দিনত দেশত কৰ’না ভাইৰাছৰ যিকোনো সাম্ভাব্য ঢৌৰ স’তে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হয়।

স্বাস্থ্য মন্ত্ৰীয়ে ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ দেশখন কিমান প্ৰস্তুত আৰু উন্নত প্ৰস্তুতিৰ বাবে কি পদক্ষেপ ল’ব লাগিব সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰামৰ্শ লয়।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত উপস্থিত আছিল মন্ত্ৰীগৰাকী। বৈঠকৰ পাছত, তেওঁ টুইট কৰি জনায়, বৈঠকত হোৱা আলোচনা বিষয়ে ।

আইএমএৰ প্ৰাক্তন সভাপতি জে এ জয়লালে বৈঠকৰ পাছত জনাই যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীক জনসাধাৰণৰ বাবে চতুৰ্থ টিকাকৰণৰ অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে।

ক’ভিডৰ এই দ্বিতীয় বুষ্টাৰ পালিত, ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ অধিক শক্তিশালী হ’ব। আৰম্ভণিতে, স্বাস্থ্য কৰ্মী আৰু জৰুৰীকালীন সেৱাৰ স’তে জড়িত সকলক টিকাকৰণ কৰিবলৈ অনুৰোধ কৰা হৈছে।

চতুৰ্থ টিকাৰ ওপৰিও মাস্ক, চেনিটাইজাৰৰ বাধ্যতামূলক ব্যৱহাৰ, দূৰত্ববিধিৰ দৰে আৰু কে’বাটাও সতৰ্কতামূলক পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছে স্বাস্থ্য মন্ত্ৰীক ।

Exit mobile version