Eye Health : বার্ধক্য হ‌ওক চছমাহীন, দৃষ্টিশক্তি ভালে ৰাখিবলৈ ভুলতো নাখাব কোনবোৰ খাদ্য ?

fascinating facts eyes iris scaled

Eye Health :

বয়স বৃদ্ধিৰ লগে লগে যিবোৰ সমস্যাই দেখা দিয়ে সেই সমূহৰ ভিতৰত অন্যতম দৃষ্টিশক্তি হ্ৰাস পোৱা । ৭৫ বছৰ বয়স অতিক্ৰম কৰিলেই দৃষ্টিশক্তি কমি যোৱৰ শংকা থাকে ।

অৱশ্যে চিকিৎসকসকলে জনাইছে, এয়া আকস্মিকভাৱে নহয় । ৪০ বছৰ বয়স পাৰ হোৱাৰ লগে লগে দৃষ্টিশক্তিৰ তীব্ৰতা কমি যায় ।

দৈনন্দিন জীৱনৰ কিছুমান ভাল অভ্যাসে চকু ভালে ৰখাত সহায় কৰে । অৱশ্যে আপুনি কি খাইছে, তাৰ ওপৰত যথেষ্ট নির্ভৰ কৰে চকুৰ স্বাস্থ্য ।

সেয়ে কম বয়সৰ পৰাই খাদ্যতালিকাত কিছু পৰিৱৰ্তন আনিলে বার্ধক্যত দৃষ্টি ভালে থাকে । বিশেষজ্ঞসকলে চকু সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন খাদ্যত ভিটামিন এ, চি, ই, অ’মেগা তিনি ফেটি এচিড, জিংক সমৃদ্ধ খাদ্য ৰাখিবলৈ কয় । লগতে কিছুমান খাদ্য আছে যিবোৰৰ পৰা আঁতৰি থাকিয়ে চকুজোৰি সুস্থ কৰি ৰাখিব পাৰি ।

শীতকালত সুস্বাদু খাদ্য গ্ৰহণৰ প্ৰৱণতা বাঢ়ি যায় । কিন্তু যিসকলে এই ধৰণৰ খাদ্য খাই ভাল পায়, তেওঁলোকে বছৰটোত ভজা খাদ্য‌ই বেছিকৈ খায় । এই মুখৰোচক খাদ্য গ্ৰহণে কেৱল ওজন বৃদ্ধিয়ে নহয়, চকুৰ স্বাস্থ্যতো অৱনতি ঘটায় । এনে খাদ্যত অত্যধিক মাত্ৰাত তেল থাকে।

ইয়াৰ উপৰি দোকানৰ পৰা কিনা ফ্ৰাইত থকা চৰ্বি, পলিঅনচেচুৰেটেড, লিন’লিক এচিড থাকে । এই খাদ্যসমূহত থকা চৰ্বিয়ে চকুৰ দৃষ্টিশক্তি ক্ষতিগ্ৰস্ত কৰিব পাৰে । সেয়েহে চকু সুস্থ কৰি ৰাখিবলৈ আৰু সুস্থ থাকিবলৈ এনে খাদ্যৰ পৰা দূৰত থকাই শ্ৰেয় ।

শীতল পানীয়

ৰঙীন, শীতল পানীয় শৰীৰৰ বাবে ক্ষতিকাৰক । ওজন বৃদ্ধিৰ উপৰিও টাইপ টু ডায়েবেটেছিৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এনে পানীয়ৰ পৰা আঁতৰি থকা প্ৰয়োজনীয় ।

শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে নিয়মিত এই পানীয় সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি বেয়া হয় । ৩০ বছৰ পোৱাৰ আগতেই দৃষ্টিশক্তি ম্লান হ’বলৈ ধৰে ।

বয়স বাঢ়ি অহাৰ লগে লগে এই সমস্যা অধিক ভয়াৱহ হৈ পৰে । গতিকে চকু সুস্থ কৰি ৰাখিবলৈ এনে পানীয়ৰ পৰা আঁতৰি থাকক ।

প্রক্রিয়াজাত মাংস

বেকন, ছচ্চেজ, হেম – এই ধৰণৰ খাদ্যৰ জনপ্ৰিয়তা অধিক । এনে সুস্বাদু খাদ্য কিন্তু শৰীৰৰ বাবে উপযোগী নহয় । বহুতে হয়তো নাজানে, এই খাদ্যবোৰ বেছিকৈ খালে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ।

দৃষ্টিশক্তি অস্পষ্ট হ’বলৈ লয় । বয়স বাঢ়ি যোৱাৰ লগে লগে এই সমস্যা বৃদ্ধি পায় । গতিকে এই খাদ্যৰ সেৱন হ্ৰাস কৰক চকুজোৰি সুস্থ কৰি ৰাখিবলৈ ।

Exit mobile version