Hailstorm : ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক সহায়ৰ হাত আগবঢ়াৱ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

9768f73c0a6b14d833084b38227476aa29b50

Hailstorm : 

আজি উজনি অসমৰ কে’বাখনো ঠাইত অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ।

বিশেষকৈ ডিব্ৰুগড় জিলাৰ মৰাণ আৰু টিংখাঙত এই শিলাবৃষ্টিয়ে যেন তাণ্ডৱৰ সৃষ্টি কৰে ।

প্ৰচণ্ড জোৰেৰে অহা ধুমুহাৰ লগতে শিল-বৰষুণৰ ফলত প্ৰায়ভাগ মানুহৰ ঘৰ-দুৱাৰ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে টিনপাত সমূহত বৃহৎ আকাৰৰ ফুটাৰ সৃষ্টি হয় ।

সমান্তৰালকৈ ৰবি খেতিৰো বিস্তৰ ক্ষতি হয় বিভিন্ন অঞ্চলত ।

ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগে তাণ্ডৱৰ সৃষ্টি কৰা উজনি অসমৰ সমূহ অঞ্চলৰ ক্ষতিগ্ৰস্ত সকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ টুইটাৰ একাউন্টত যোগে ক্ষতিগ্ৰস্ত সকলৰ বিস্তৃত সমীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ্য যে , এই দুৰ্যোগৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মৰাণ আৰু টিংখাং অঞ্চলৰ জন জীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে ।

Exit mobile version