Recession : ২০২৩ ত মহামন্দাৱস্থাৰ সম্মুখীন হ’ব বিশ্ব : সকীয়নি চিইবিআৰে

recession 1 1670409687

Recession :

চেণ্টাৰ ফ’ৰ ইক’নমিক্স এণ্ড বিজনেছ ৰিছাৰ্চ (চিইবিআৰ)ৰ প্ৰতিবেদনৰ তথ্য অনুসৰি, বিশ্বই ২০২৩ বৰ্ষত মন্দাৱস্থাৰ সন্মুখীন হ’ব।

গোলকীয় অর্থনীতিয়ে ২০২২ বৰ্ষত প্ৰথমবাৰৰ বাবে ১০০ ত্রিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিলে। কিন্তু ইয়াৰ পাছতো ২০২৩ বৰ্ষত বিশ্ব অর্থনীতিৰ এই অগ্রগতি থমকি ৰ’ব পাৰে বুলি নিজৰ প্রতিবেদনত উল্লেখ কৰিছে চিইবিআৰে।

প্ৰতিষ্ঠানটোৰ মতে, বৰ্ধিত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নীতি নিৰ্ধাৰকসকলে ২০২৩ বৰ্ষত অহৰহ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব আৰু ইয়াৰ ফলত সূদৰ হাৰ বৃদ্ধি পোৱাৰ শংকা আছে।

ব্ৰিটেইনৰ বিত্তীয় পৰামৰ্শদাতা প্রতিষ্ঠানটোৰ মতে, ২০২৩ বর্ষ বিশ্ব অর্থনীতিৰ বাবে সুখকৰ হোৱাৰ সম্ভাৱনা সীমিত। চিইবিআৰৰ সঞ্চালক কেএ ডেনিয়েল নেওফেল্ডে এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘অত্যধিক মুদ্রাস্ফীতিৰ ফলত সূদৰ হাৰ বৃদ্ধিৰ পৰিণতিত বিশ্ব অর্থনীতিয়েঅহা বছৰত অৰ্থাৎ ২০২৩ত মন্দাৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

এয়া নিৰ্ভৰ কৰিব মুদ্রাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন দেশে কিমান সফলতা লাভ কৰে।’ এই প্রতিবেদনত চিইবিআৰে লগতে কয় যে মুদ্রাস্ফীতিৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত বিশ্বই জয়লাভ কৰা নাই।

বৰঞ্চ দিনকদিনে বিশ্বত মুদ্রাস্ফীতি সবাতোকৈ উদ্বেগজনক বিত্তীয় সমস্যা হিচাপে পৰিচিত হৈছে।

Exit mobile version