Terrorist : কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ছবছৰৰ সৰ্বনিম্ন হ’ল ২০২২ ত

depositphotos 93662274 stock photo silhouette of two terrorists

Terrorist :

জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলিত বৰ্ষত যথেষ্ট হ্রাস পালে ৷ যোৱা নৱেম্বৰ পৰ্যন্ত ৰাজ্যখনত ১০০ৰো কম লোকে সন্ত্রাসবাদী সংগঠনত যোগদান কৰিছিল।

এই পৰিসংখ্যা বিগত ছবছৰৰ ভিতৰতে সর্বনিম্ন। জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি ২০২২ বৰ্ষৰ নৱেম্বৰলৈকে ৰাজ্যখনত সন্ত্রাসবাদী সংগঠনত ৯৯ জন যুৱকে যোগদান কৰিছিল আৰু এওঁলোকৰ আটাইকেইজনে কাশ্মীৰৰ বাসিন্দা।

আনহাতে, এইসকল সন্ত্রাসবাদী সংগঠনৰ সদস্যৰ ৬৩ জনৰ নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত মৃত্যু হোৱাৰ লগতে ১৭ জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আন ১৯ জন এতিয়াও সক্রিয় সন্ত্রাসবাদী কার্যকলাপত জড়িত হৈ আছে।

২০১৮ বৰ্ষত ৰাজ্যখনত সৰ্বাধিক ২০৬ জন লোকে সন্ত্রাসবাদী সংগঠনত যোগদান কৰাৰ পাছত ২০১৯ত এই সংখ্যা ১৫০ জনৰ তললৈ অৱনমিত হৈছিল।

বিগত ১১ মাহত কাশ্মীৰ উপত্যকাত ১৭০ জনৰো অধিক সন্ত্রাসবাদীয়ে নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ।

Exit mobile version