Aadhaar Card : ২০২৩ত বাতিল হ’ব লক্ষাধিক পানকার্ড, আপোনাৰ কাৰ্ড সক্ৰিয় ৰাখিব কেনেকৈ?

Aadhaar Card :

আধাৰ আৰু পানকাৰ্ড ভাৰতীয় নাগৰিকৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ নথি। নিজৰ পানকাৰ্ড সক্ৰিয় ৰাখিবলৈ সম্প্রতি গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিলে আয়কৰ বিভাগে।

বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিলৈকে অর্থাৎ অহা ৩১ মার্চলৈকে যিসমূহ পানকাৰ্ডৰ স’তে আধাৰ সংলগ্ন কৰা নহ’ব, সেইসমূহ পানকার্ড বাতিল কৰা হ’ব।

২০২৩ত ৩১ মাৰ্চৰ ভিতৰত পানকার্ডধাৰক ব্যক্তিয়ে নিজৰ আধাৰৰ স’তে পানকাৰ্ডৰ সংলগ্ন কৰাব লাগিব। আয়কৰৰ জাননীত এইদৰে উল্লেখ কৰা হৈছে, ‘আয়কৰ আইন ১৯৬১ অনুসৰি, যিসকল ব্যক্তিয়ে ৰেহাই লাভৰ আওতাত নপৰে তেওঁলোকে পানকাৰ্ডৰ স’তে আধাৰৰ ৩১ মার্চ ২০২৩ৰ ভিতৰত সংযোগ কৰাব লাগিব।

অন্যথা আধাৰৰে সংযোগ নকৰা পানকার্ড পহিলা এপ্রিল ২০২৩ৰ পৰা নিষ্ক্রিয় কৰা হ’ব।’ পানকার্ড নিষ্ক্রিয় হ’লে এজন ব্যক্তিয়ে বেংক তথা অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ কাম-কাজত বাধাগ্ৰস্ত হোৱাৰ লগতে আয়কৰ প্ৰদানৰ ক্ষেত্ৰতো সমস্যাগ্রস্ত হ’ব।

Exit mobile version