Allien : কি সঁচাকৈয়ে এলিয়েন আছে নেকি ? সমুদ্ৰপৃষ্ঠৰ গভীৰত আছে হালধীয়া ৰঙৰ ইটাৰ ৰাস্তা , চিন্তিত গৱেষক 

606a1e69 e3d5 4b8c bc12 ff956a7c5e2a

Allien :

সঁচাকৈয়ে কি পৃথিৱীৰ বাহিৰত এলিয়েন আছে নেকি ? আধুনিক যুগত বোধহয় এই আলোচনাই বহু বিজ্ঞানীক বিমোৰত পেলাই আহিছে । বিজ্ঞান মহলত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এইটো ।

বিভিন্ন সময়ত বিজ্ঞানীসকলে এলিয়েনৰ উপস্থিতিৰ কথা কৈ আহিছে যদিও উপযুক্ত প্ৰমাণ এইপৰ্যন্ত কোনো বিজ্ঞানীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

কিন্তু এইবাৰ বিজ্ঞানমহলে লাভ কৰিছে অদ্ভুত ৰঙৰ ইটাৰ সন্ধান । অৰ্থাৎ সমুদ্ৰপৃষ্ঠৰ পৰা ৩০০০ মিটাৰ তলত হালধীয়া ৰঙৰ ইটাৰ ৰাস্তা ৰ সন্ধান পাইছে বিজ্ঞানীসকলে । আটলাণ্টিকৰ কাষত এই ৰাস্তাৰ সন্ধান পাইছে এদল গৱেষক বিজ্ঞানীয়ে।

জাৰ্মানীৰ ইউৰাল ফেডাৰেল ইউনিভাৰ্চিটি তথা ইউনিভাৰ্চিটি অৱ টিউবিনজেন ৰ এদল গৱেষকে ভেচেল নটিলাচ জলৰাশিত এই অদ্ভুত হালধীয়া ৰঙৰ ৰাস্তাৰ লগত প্ৰথমবাৰৰ বাবে খুন্দা খাইছিল ।

নটিলাচ নামৰ এই জাহাজখন পাপাহানাউমোকুয়াকে মেৰিন নেচনেল মনুমেন্টৰ মাজত এক চাৰ্ভে কৰিছিল আৰু তেতিয়াই এই ৰাস্তাৰ সন্ধান পাইছিল গৱেষকৰ দলটোৱে ।

পিএমএনএম হ’ল এটা বিশাল সামুদ্ৰিক সংৰক্ষিত অঞ্চল । যিটোক বিশ্বৰ অন্যতম বৃহত্তম সংৰক্ষিত অঞ্চল হিচাপে জনা যায় । এই অঞ্চলতে এই হালধীয়া ৰঙৰ ৰাস্তাৰ সন্ধান পোৱা সময়ত গৱেষকসকলৰ কি অৱস্থাৰ উদ্ভৱ হৈছিল ,সেইবিষয়ে আচলতে গৱেষকসকলৰ কথা-বতৰা শুনিলেহে বা জানিলেহে গম পোৱা যায় ।

এই ৰাস্তাৰ সন্ধান পোৱা সময়ত গৱেষকৰ দলটোৰ এজনে কলে ” আৰে এইটো এটা হালধীয়া ৰঙৰ ৰাস্তা ।” অন্য এজনে কলে “সঁচাই কি অদ্ভুত।” বিস্ময়ভাৱেৰে আন এজনে প্ৰশ্ন কৰিলে,” তুমি কি আমাৰ লগত স্ফূৰ্তি কৰিছে নেকি ?” ইয়াৰ পাছতে এই অদ্ভুত ৰাস্তাটোৰ এক ভিডিঅ’ কৰিলে গৱেষকৰ দলটোৱে । পাছত এজন ইউটিউবাৰে এই ভিডিঅ’টো আপল’ড কৰিলে আৰু কেপশ্যনত লিখিলে ,” এই ৰাস্তাটো আগ্নেয়গিৰিৰ শিলৰ উত্তাপ তথা শীতল হৈ যোৱাৰ পাছত সৃষ্টি হোৱা চাপৰ কাৰণে তৈয়াৰ হৈছে । অৱশ্যে এইটোও ভাবিব পাৰি যে, এই হালধীয়া ইটাৰ ৰাস্তাটো এলিয়েনৰ যাত্ৰাপথ ।”

Exit mobile version