BSF & Custom seized YabaTablets :কাছাৰত ১৭ হাজাৰ য়াবা টেবলেট জব্দ

জব্দকৃত টেবলেটৰ আন্তঃৰাষ্ট্ৰীয় মূল্য ১ কোটি ৭০ লাখ

WhatsApp Image 2022 12 28 at 18.27.33

BSF & Custom seized YabaTablets :

 বিএছএফ আৰু কৰিমগঞ্জ শুল্ক বিভাগৰ যুটীয়া অভিযানত কালাইনৰ হিলাৰাত জব্দ হৈছে ১৭,০০০ হাজাৰ য়াবা টেবলেট

প্ৰাপ্ত তথ্য মতে , ৮৯ টা সৰু পেকেটত অনা হৈছিল টেবলেট সমূহ ৷ এম এল ০৫ পি ৮৬৫৪ নম্বৰৰ এল্টো বাহনত তালাচী চলাই জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেট খিনি ৷

মেঘালয়ৰ পৰা শিলচৰলৈ সৰবৰাহৰ কৰা সময়তে টেবলেট সমূহ জব্দ কৰা হয় । টেবলেটৰ সৈতে এল্টো বাহনৰ চালক জনকো আটক কৰা হৈছে ৷

জব্দ কৰা টেবলেটৰ আন্তঃ ৰাষ্ট্ৰীয় বজাৰ মুল্য এক কোটি ৭০ লাখ টকা বুলি সদৰী কৰিছে শুল্ক আৰু বিএছএফে । ধৃত চালকটোৰ পৰা এটা মোবাইল ফোন আৰু নগদ সাত হাজাৰ টকা জব্দ কৰা হয় ৷

পাছত ধৃত চালসহ জব্দকৃত টেবলেট আৰু বাহনখন শুল্ক বিভাগে নিজৰ জিন্মাত চমজি লয় ।

Exit mobile version