China : চীনত জীৱিকাৰ সংকট : ১৬-২৪ বছৰীয়া দুই কোটি লোক সংস্থাপনহীন

5ab83d6 1656869231572 sipa sipausa30296576 000003

China

China :

কৰ’নাৰ ব্যাপক সংক্ৰমণৰ স’তে যুঁজত ব্যস্ত চীনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। পৰিসংখ্যা অনুসবি, সম্প্রতি ১৬-২৪ বছৰ বয়সীয়া জনসংখ্যাৰ প্ৰায় দুই কোটি নাগৰিক জীৱিকাহীন হৈছে।

চহৰ অঞ্চলত ১০৭ নিযুত যুৱ প্ৰজন্মই জীৱিকাৰ সংকটত ভুগিছে। ‘দ্য হংকং প’ষ্ট’ৰ বাতৰিত উল্লেখ কৰা অনুসৰি, চীনত যুৱ প্ৰজন্মৰ মাজত চলিত বৰ্ষত নিবনুৱাৰ সংখ্যা ১০ বছৰৰ সৰ্বাধিক হ’ল।

যোৱা মাৰ্চত দেশখনত যুৱ প্ৰজন্মৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশ আছিল আৰু এপ্ৰিলত এই সংখ্যা ১৮.২ শতাংশলৈ বৃদ্ধি পাইছিল।

একেদৰে জুলাইত নিবনুৱাৰ সংখ্যা ১৯.৯ শতাংশলৈকে বৃদ্ধি পাইছিল। অৱশ্যে আগষ্টত ১৮.৭ শতাংশলৈ হ্রাস পাইছিল।

চীনৰ সবাতোকৈ বৃহৎ স্মার্টফোন প্রস্তুতকাৰক কোম্পানী চাওমিয়ে কৰ্মচাৰী ছাটাই কৰাৰ ফলতো দেশখনত যুৱ প্ৰজন্মৰ মাজত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।

Exit mobile version