Hair : অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

shutterstock 2063401976

Hair :

বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি ।

১) আমিষ খাদ্য‌ই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে । কিন্তু অত্যধিক মাত্ৰাত মাংস, তৈলজাতীয় মাছ খালে কম বয়সতেই চুলি পকি যাব পাৰে । সেয়ে এই ধৰণৰ আমিষ খাদ্য‌ অধিক পৰিমাণে গ্ৰহণ নকৰাই ভাল ।

২) বজাৰজাত একাধিক প্ৰক্ৰিয়াজাত খাদ্যত মন’ছ’ডিয়াম গ্লুটামেট পোৱা যায় । এই উপাদানৰ বাবে কম বয়সতে চুলি পকি যাব পাৰে । সেয়ে চুলিৰ অকালপক্কতা ৰোধ কৰিবলৈ এই ধৰণৰ খাদ্য অধিক পৰিমাণে গ্ৰহণ নকৰাই উত্তম ।

৩) অধিক পৰিমাণে মিঠাজাতীয় খাদ্য গ্ৰহণ কৰিলে দ্ৰুত চুলি পকি যাব পাৰে ।

শৰীৰৰ সুস্থ ৰাখিবলৈ আৰু কম বয়সতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সেয়ে এই ধৰণৰ খাদ্য পৰিহাৰ কৰক ।

অৱশ্যে এইবোৰৰ উপৰিও আন কিছুমান কাৰণত কম বয়সতে চুলি পকে । সেইবোৰ জনা প্ৰয়োজনীয় । যেনে – বংশগত সমস্যা, মানসিক চাপ (টোপনিৰ সমস্যা, হতাশা, ভোক নলগা, উচ্চ ৰক্তচাপ), অট’ইমিউন ডিজিজ, থাইৰয়েডৰ সমস্যা, ভিটামিন বি১২-ৰ অভাৱ, ধূমপান ইত্যাদি ।

Exit mobile version