Weight Loss : শকত হৈ যোৱাৰ ভয়ত আপুনি বাদাম নাখায় নেকি ? এই ধাৰণা কিন্তু ভুল

peanuts 1600x900 1

Weight Loss :

নিয়মিতভাৱে বাহিৰত খোৱা, শৰীৰচৰ্চা নকৰা ,অনিয়মিত জীৱন-যাপন ,এইবোৰ অভ্যাসে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ কাৰণে যথেষ্ট । ফলত ৰোগৰ আক্ৰমণৰ ভয়ত বহু ভাল খাদ্যৰ পৰাও আমি দূৰত্ব বজাই ৰাখোঁ ।

বহুতৰে আক’ ধাৰণা যে বাদাম খালে মেদ বাঢ়ে । কিন্তু বিশেষজ্ঞৰ মতে এই ধাৰণা ভুল । বৰঞ্চ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে বুলিহে বিশেষজ্ঞই মত প্ৰকাশ কৰিছে ।

যিহেতু অনেক গুণসম্পন্ন বাদামে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে ওজন কমোৱাতো সহায় কৰে । সাম্প্ৰতিক এটা গৱেষণাত এই কথা প্ৰকাশ পাইছে যে, ১০০ গ্ৰাম বাদামত ৫৬৭ গ্ৰাম কেলৰি, ২৫ গ্ৰাম প্ৰোটিন,১৬ গ্ৰাম কাৰ্বহাইড্ৰেট তথা ৫০ গ্ৰাম ফেট আছে ।

সমান্তৰালকৈ বাদামত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ৬ গ্ৰাম ওমেগা আছে । বাদাম খালে অৱশ্যেই শৰীৰত ফেট প্ৰৱেশ কৰে যদিও দৈনিক বাদাম খোৱাটো বাদ দিব নালাগে । ইয়াত ভৰপুৰ এচিড থকাৰ উপৰিও প্ৰোটিনৰ পৰিমাণ ২৫ শতাংশ আছে ।

যি ওজন কমোৱাতো সাংঘাতিকধৰণে সহায় কৰে । বিশেষকৈ খাদ্য তালিকা অনুসৰণ কৰিলে প্ৰচুৰ পৰিমাণে প্ৰোটিন খাবলৈ বিশেষজ্ঞই পৰামৰ্শ আগবঢ়ায় ।

প্ৰোটিনে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে । বাদামে কেতিয়াও ওজন বৃদ্ধি নকৰে । বাদামত থকা প্ৰোটিন ফাইবাৰে মানুহক বহু দেৰিলৈকে ভোক নলগাকৈ ৰাখে ।

অফিচত কাম কৰা লোকে আচলতে প্ৰায় সময় বাদাম খাব লাগে । ই পেট ভৰাই ৰখাৰ লগতে ওজন হ্ৰাস কৰাটো সহায় কৰে । পুষ্টিবিদৰ মতে ,বাদামত অপকাৰী গুণ খুব কম আছে । ওজন কমাব বিচাৰিলে বাদাম খোৱাটো জৰুৰী ।

বিভিন্ন প্ৰকাৰৰ বাদাম ,যেনে-কাঠবাদাম,চিনাবাদাম,কাজু বাদাম আদি সকলো প্ৰকাৰৰ বাদামে ওজন কমায় । দৈনিক ৰাতিপুৱা পানীত তিয়াই ৰখা বাদাম খোৱা মানে , আপোনাৰ স্বাস্থ্য আপোনাৰ হাতৰ মুঠিত থাকিব ।

Exit mobile version