COVID-19 : কৰ’নাৰ উপৰূপক প্ৰতিৰোধ কৰিবলৈ কিমান কার্যকৰ ভাৰতীয় টিকা !

কি কয় বিজ্ঞানীসকলে ?

WhatsApp Image 2022 12 29 at 19.46.51

COVID-19 :

বিশ্বজুৰি পুনৰ গা কৰি উঠিছে কৰ’না । উদ্বেগ বঢ়াইছে কৰ’নাৰ অ’মিক্রন ৰূপৰ উপৰপ বিএফ.৭-এ । এই উদ্বেগৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে, এই নতুন প্ৰকাৰৰ ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা টিকা কিমান কাৰ্যক্ষম ?

চীনকে ধৰি কে’বাখনো দেশত বিএফ৭ উপৰূপৰ বাবেই হঠাৎ ক’ভিড বৃদ্ধি পাইছে বুলি মত বিজ্ঞানীসকলৰ । চীনৰ উপৰি আমেৰিকা, ব্ৰিটেইন, বেলজিয়াম, জাৰ্মানী, ফ্ৰান্স আৰু ডেনমাৰ্কত বিএফ-৭ৰ সন্ধান পোৱা গৈছে ।

যদিও চীনত দৈনিক কিমানজন লোক আক্ৰান্ত হয় তাৰ কোনো আনুষ্ঠানিক তথ্য নাই, ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি সেই দেশত প্ৰতিদিনে কমেও এক লাখ লোক আক্ৰান্ত হোৱাৰ লগতে পাঁচ হেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ শংকা কৰা হৈছে ।

এনে পৰিস্থিতিত ভাৰততো কৰ’নাৰ নতুন উপৰূপক লৈ উদ্বেগ সৃষ্টি হৈছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, নতুন প্ৰজাতিৰ টিকাৰ কাৰ্যকৰিতা মূল্যায়নৰ বাবে চৰকাৰে কিছু নমুনা অধ্যয়ন কৰি আছে ।

চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, বৰ্তমান উপলব্ধ টিকাসমূহ নতুন উপৰূপৰ সংক্ৰমণ বা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কাৰ্যকৰী হয় নে নহয়, সেই বিষয়ে বিজ্ঞানীসকলে গৱেষণা আৰম্ভ কৰিছে ।

ভাৰতত জুলাইৰ পৰা কমেও চাৰিজন লোক বিএফ৭ উপৰূপত সংক্ৰমিত হৈছে । অৱশ্যে আটাইকেইজন আক্ৰান্ত লোক সুস্থ হৈ উঠিছে ।

গতিকে ভাৰতীয় ভেকচিনসমূহ নতুন উপৰূপক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি আশা কৰা হৈছে । পৰিসংখ্যা অনুসৰি অধিকাংশ ভাৰতীয়কে ‘ক’ভিশ্বিল্ড’ বা ‘ক’ভেক্সিন’ৰ টিকাকৰণ কৰা হৈছে ।

প্ৰসংগত, দেশত কে’বাদিনো ধৰি প্ৰতিদিনে দুশতকৈও কম লোক কৰ’নাত আক্ৰান্ত হৈ আছে ।

Exit mobile version