Guwahti Rickshaw : গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ হ’ব মটৰ ৰিক্সা !

জি এম চিৰ কঠোৰ সিদ্ধান্ত

WhatsApp Image 2022 12 29 at 14.00.07

Guwahti Rickshaw:

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ হ’ব মটৰ সংযোজিত ৰিক্সা। অহা সাতদিনৰ ভিতৰত গুৱাহাটী পৌৰনিগমে মটৰ ৰিক্সা সমূহ আঁতৰোৱাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷

উল্লেখ্য যে এই ৰিক্সা সমূহ যিকোনো যাত্ৰীৰ বাবে নিৰাপদ নহয় বুলি উল্লেখ কৰি সাতদিনৰ ভিতৰত ৰিক্সা সমূহৰ পৰা মটৰ নতৰালে তেনে ৰিক্সা জব্দ কৰাৰ নিৰ্দেশনা দিয়ে পৌৰনিগমে ৷

অহা সাত দিনৰ ভিতৰত গুৱাহাটীৰ ৰাজপথৰ পৰা এই ৰিক্সাসমূহ আঁতৰোৱাৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে।

যাত্ৰীসকলৰ বাবে মটৰ সংযোজিত ৰিক্সা অসুৰক্ষিত বুলি উল্লেখ কৰি যদি অহা সাতদিনৰ ভিতৰত ৰিক্সাসমূহৰ পৰা মটৰ আঁতৰাই নিদিয়ে তেন্তে সেইসমূহ ৰিক্সা জব্দ কৰা হ’ব বুলিও নিৰ্দেশনাত উল্লেখ আছে ।

আনহাতে পৌৰনিগমৰ এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰে ৰিক্সা চালক সকলে ৷ কিয়নো ঋণ লৈ ৰিক্সা সমূহ ক্ৰয় কৰি চলাই অহা হৈছে ৷

এনেক্ষেত্ৰত নিগমৰ এই সিদ্ধান্তই পেটেভাতে মৰাৰ দৰে হ’ব ৰিক্সা চালক সকলৰ ৷ ৰিক্সাচালকৰ এই দুৰ্দশাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷

Exit mobile version