Journalist Ms Prabhakar passes away : অসমৰ পৰা সাংবাদিকতা জীৱন আৰম্ভ কৰা প্ৰবীণ সাংবাদিক এম এছ প্ৰভাকৰৰ দেহাৱসান

WhatsApp Image 2022 12 29 at 17.45.27

Journalist Ms Prabhakar passes away :

দেশৰ প্ৰবীণ সাংবাদিক তথা অসমৰ পৰা সাংবাদিকতা জীৱনৰ পাতনি মেলা সাংবাদিক এম এছ প্ৰভাকৰৰ দেহাৱসান । বৃহস্পতিবাৰে কৰ্ণাটকৰ কোলাৰৰ কঠাৰী পালিয়াৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে, প্ৰয়াত প্ৰভাকৰে অসমৰ পৰাই সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল । দীৰ্ঘসময় অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা প্ৰভাকৰে ” দ্যা হিন্দু” কাকতত অসমক প্ৰতিনিধিত্ব কৰিছিল ।

ইয়াৰোপৰি তেওঁ বিশ্বখ্যাত নেতা নেলছন মেণ্ডেলাক সাক্ষাৎ গ্ৰহণ কৰা প্ৰথমজন কানাড়া সাংবাদিক হোৱাৰ কৃতিত্ব অৰ্জন কৰিছিল ।

৮৭ বছৰ বয়সত মৃত্যু হোৱা প্ৰভাকৰ সাংবাদিক হিচাপে পৰিচিত হোৱাৰ উপৰিও এজন সু-সাহিত্যিক হিচাপেও খ্যাতি অৰ্জন কৰিছিল ।

সাংবাদিকতা তথা সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ আগবঢ়াই অহা সেৱাৰ স্বীকৃতি ৰূপে ২০২১ চনত কানাড়া চৰকাৰে ” ৰাজোৎসৱ বঁটা” ৰে সন্মানিত কৰে ।

আজি এই প্ৰবীণ সংবাদসেৱীজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কানাড়াৰ লগতে অসমতো শোকৰ ছাঁ পৰে ।

Exit mobile version