Lgbia:দেশৰ ব্যস্ত বিমানকোঠৰ তালিকাত স্থান লাভ বৰঝাৰ বিমানকোঠ

WhatsApp Image 2022 12 29 at 19.27.43

Lgbia:

ADVERTISEMENT

২০২২ বৰ্ষৰ নৱেম্বৰত ভাৰতৰ ভিতৰত অতি ব্যস্ত বিমানকোঠ হিচাপে চিহ্নিত হৈছে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠ

ঘৰুৱা যাত্ৰী চলাচলৰ ক্ষেত্ৰত দেশৰ ভিতৰত ব্যস্ত ১০ নম্বৰ স্থানৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এই বিমানকোঠ । উল্লেখ্য যে , চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই বিমানকোঠৰ পৰা দৈনিক ১৬ হাজাৰৰো অধিক যাত্ৰীয়ে চলাচল কৰিছিল ।

ইফালে নৱেম্বৰ মাহত এই আন্তৰ্জাতিক বিমানকোঠত মুঠ চাৰি লাখ ৫৭ হাজাৰ ৮৫৮ জনকৈ ঘৰুৱা যাত্ৰীয়ে যাত্ৰা আৰু অৱতৰণ কৰিছে ।

ক’ভিড অতিমাৰীৰ পূৰ্বে এই বিমানকোঠে ঘৰুৱা যাত্ৰী অহা-যোৱা কৰাত দেশৰ ভিতৰতে একাদশ স্থান লাভ কৰিছিল ।

Exit mobile version