Tesla  : দুবছৰৰ সৰ্বনিম্ন হ’ল টেছলাৰ শ্বেয়াৰ , মাস্কৰ সম্পত্তিৰ পৰিমাণ ১৩৭ বিলিয়ন ডলাৰলৈ হ্ৰাস

2KZF422BJRLJRHC7OZXEK24LOU

Tesla  :

বিশ্বৰ দ্বিতীয় সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ মালিকানাধীন অটম’বাইল কোম্পানী টেছলাৰ শ্বেয়াৰ মূল্য দুবছৰৰ সৰ্বনিম্ন হ’ল।

ADVERTISEMENT

মঙলবাৰে টেছলাৰ শ্বেয়াৰ মূল্য ১৪.০৫ ডলাৰ অৰ্থাৎ প্রায় ১১.৪১ শতাংশ হ্ৰাসৰ ফলত ১০৯.১০ ডলাৰলৈ অৱনমিত হৈছিল।টেছলাৰ শ্বেয়াৰ মূল্য হ্ৰাসৰ ফলত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮.৯ বিলিয়ন ডলাৰ হ্ৰাস পোৱাত মঙলবাৰে তেওঁৰ সম্পত্তি ১৩৭.৬ বিলিয়ন ডলাৰলৈ অৱনমিত হ’ল।

টেছলাই চীনা নৱবৰ্ষ উপলক্ষে অহা ২০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে বৈদ্যুতিক গাড়ী উৎপাদন বন্ধ ৰাখিব বুলি ঘোষণা কৰাৰ পাছতে প্রতিষ্ঠানটোৰ শ্বেয়াৰ মূল্য যথেষ্ট অৱনমিত হ’ল।

নৱেম্বৰ ২০২১ৰ তুলনাত মঙলবাৰে টেছলাৰ শ্বেয়াৰ মূল্য ৭৩ শতাংশ হ্রাস পালে। সম্প্রতি ভাৰতীয় ব্যৱসায়ী গৌতম আদানী ধনাঢ্য ব্যক্তিৰ তালিকাত তৃতীয় স্থানত আছে আৰু মাস্কৰ স’তে আদানীৰ সম্পত্তিৰ ব্যৱধান ১২ বিলিয়ন ডলাৰলৈ হ্রাস পালে।

টেছলাৰ শ্বেয়াৰ মূল্য পতন অব্যাহত থাকিলে অচিৰে ধনাঢ্য ব্যক্তিৰ তালিকাত আদানীয়ে দ্বিতীয় স্থান দখল কৰাৰ সম্ভাৱনা আছে।

Exit mobile version