Bihar Police Arrest Chinese Woman : ভাৰতত গ্ৰেপ্তাৰ চীনৰ মহিলা চোৰাংচোৱা

দীৰ্ঘদিনধৰি গোপনে বাহৰ পাতি যোগান ধৰিছিল তথ্য

WhatsApp Image 2022 12 30 at 15.11.47

Bihar Police Arrest Chinese Woman :

বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ ওপৰত নজৰ ৰাখিবলৈ ভাৰতত গোপনে বাহৰ পাতি থকা এগৰাকী চীনা মহিলা চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীয়ে ।

এক গোপন তথ্যৰ ভিত্তিত বিহাৰ আৰক্ষীয়ে কালি নিশা বিহাৰৰ গয়াৰ এটা অতিথিশালাত অভিযান চলাই চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এই চীনা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে ।

প্ৰাপ্ত তথ্য মতে এই মহিলা চোৰাংচোৱাগৰাকী ভাৰতত বাহৰ পাতি থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতেই এখন স্কেচ তৈয়াৰ কৰি সেই সন্দৰ্ভত সৱিশেষ তথ্য দিবলৈ নাগৰিকক আহ্বান জনাইছিল ।

গয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰপ্ৰীত কৌৰে প্ৰকাশ কৰা মতে , ছং জিয়াওলান নামৰ এই চীনা মহিলা চোৰাংচোৱা গৰাকীক গয়াৰ মহাৰাণী ৰোডৰ এটা অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

বিহাৰৰ কে’বাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া ধৰ্মগুৰু দালাই লামাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈকে বিহাৰত বাহৰ পাতিছিল এই মহিলা চোৰাংচোৱা গৰাকী ।

উল্লেখ্য যে, ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা এই চোৰাংচোৱাগৰাকী ভাৰতত বাহৰ পাতি আছিল । অৱশ্যে ২০২০ চনৰ জানুৱাৰী মাহত চাৰিবাৰকৈ নেপাললৈ যোৱাৰো তথ্য লাভ কৰিছে বিহাৰ আৰক্ষীয়ে ।

ভিছাৰ নিয়ম উলংঘন কৰাৰ দোষত মহিলাগৰাকীৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনে ।

Exit mobile version