Cricketer Rishabh Pant Injured In Road Accident:দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট

নিজেই চলাই যোৱা বি এম ডব্লিউ দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি ভস্মীভূত,গুৰুতৰভাৱে আহত পন্ট,কথমপি প্ৰাণৰক্ষা

WhatsApp Image 2022 12 30 at 14.27.25

Cricketer Rishabh Pant Injured In Road Accident:

দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ঋষভ পন্ট। দিল্লী-ডেৰাডুন পথৰ গুৰুকুল নাৰসন হাম্মাদপুৰ ঝালৰ ওচৰৰ ৰুৰকীৰ নৰচান সীমান্তত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

ক্ৰিকেটাৰ গৰাকীয়ে দিল্লীৰ পৰা গৃহ অভিমুখে নিজৰ বি এম ডব্লিউ কাৰ খনৰে যাত্ৰা কৰিছিল। দুৰ্ঘটনাৰ সময়ত তেওঁ গাড়ীখন নিজেই চলাইছিল।

পথৰ মাজৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত ভস্মীভূত হয় পন্টৰ বি এম ডব্লিউ বাহন খন। গুৰুতৰভাৱে আহত পন্টক চিকিৎসালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ মতে ভৰি আৰু মূৰত আঘাত পাইছে পন্টে।

দুৰ্ঘটনাৰ পাছত ১০৮ সেৱাৰ জৰিয়তে পন্টক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।বৰ্তমানে অৱস্থা সংকটজনক হোৱাত পণ্টক ডেৰাডুনৰ মেক্স হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে আঘাতৰ বাবে পন্টৰ শৰীৰৰ কিছু অংশত পাষ্টিক চাৰ্জাৰী কৰোৱা হ’ব।

ক্ৰিকেটাৰগৰাকীৰ দুৰ্ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগী আৰু গুনমুগ্ধই ভীৰ কৰিছে চিকিৎসালয়ত

৷ক্ৰিকেটাৰগৰাকীৰ আশুআৰোগ্য কামনা কৰি হাজাৰ জনে কৰিছে প্ৰাৰ্থনা ।

চিকিৎসালয় সূত্ৰই সদৰি কৰা মতে সম্প্ৰতি ক্ৰিকেটাৰ গৰাকী বিপদমুক্ত যদিও চিকিৎসালয়ৰ মুকলি হ’বলৈ কিছুদিন লাগিব ৷ একেদৰে বিশ্ৰাম ল’ব লাগিব কিছু সপ্তাহ ৷

Exit mobile version