Murder :
বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ দিয়া কেব চালক খগেন দাসক পুৰস্কৃত কৰিলে মহানগৰ আৰক্ষীয়ে ।
উল্লেখ্য যে, মহানগৰীৰ ৰুক্মিণী গাঁৱত সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডত হিতেশ দাস নামৰ হত্যাকাৰীটোৱে নিজৰ ভাড়াঘৰত অতি নৃশংসভাৱে হত্যা কৰিছিল বন্ধু প্ৰেমনাথ ভূঞাক ।
হত্যা কৰাৰ পাছতে ধৃত হত্যাকাৰীয়ে মৃতদেহটো বস্তাত ভৰাই এখন কেবত লৈ গৈছিল । কেব চালক খগেন দাসে বস্তাত কি আছে সোধাত,গাহৰি বুলি কয় |
ইয়াৰ পিছত দুপৰীয়া কমলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ঘন জংঘলৰ মাজত পেলাই আহিছিল মৃতদেহটো । কিন্তু গুৱাহাটীলৈ উভতি অহাৰ পাছতেই এই হত্যাকাণ্ডক লৈ আৰক্ষীৰ কাষ চাপিছিল কেব চালক দাস ।
কেব চালক দাসৰ তৎপৰতাৰ বাবেই নিশা আৰক্ষীয়ে কমলপুৰৰ জংঘলৰ পৰা প্ৰেমনাথৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
কেব চালক দাসৰ তথ্যৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে হত্যাকাৰী হিতেশক গ্ৰেপ্তাৰ কৰে । আৰক্ষীক কৰা সহযোগিতাৰ বাবেই আজি মহানগৰ আৰক্ষীৰ হৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই খগেন দাসক ১০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰে ।