Assam Cabinet Meeting In Delhi : নতুন বছৰৰ প্ৰাগ মুহূৰ্তত অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত

কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৩১ লৈ হ্ৰাস পালে ৰাজ্যৰ জিলাৰ সংখ্যা

WhatsApp Image 2022 12 31 at 15.53.53

Assam Cabinet Meeting In Delhi :

চলিতবৰ্ষৰ শেষটো দিনত আজি নতুন দিল্লীত জৰুৰীভাৱে অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰক লৈ লোৱা হয় কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেটে ৰাজ্যৰ মুঠ ৩৪খন জিলাৰ পৰা চাৰিখন জিলা কৰ্তন কৰা হয় ৷ কৰ্তন কৰা জিলা কেইখন হ’ল হোজাই,বজালী,বিশ্বনাথ আৰু তামুলপুৰ ৷

দিল্লীৰ অসম ভৱনৰ সভাকক্ষত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই এক সংবাদমেলত সদৰি কৰে সিদ্ধান্ত সমূহ ৷

কেবিনেট সিদ্ধান্ত অনুসৰি হোজাইক পুনৰ নগাঁও জিলাৰ লগত সংলগ্ন কৰে ৷ বিশ্বনাথক পুনৰ শোণিতপুৰ জিলাৰ লগত ,বজালীক বৰপেটাৰ লগত আৰু তামুলপুৰক বাক্সাৰ স’তে সংলগ্ন কৰে ৷

ইয়াৰ লগে লগে মহকুমালৈ অৱনমিত চাৰিওখন জিলা ৷ স্মতৰ্ৱ্য যে এক জানুৱাৰীৰ পৰা সমষ্টি পুনৰ্নিধাৰণৰ কাম আৰম্ভ হ’ব ৷

আনহাতে কামৰূপ গ্ৰাম্য জিলাৰ উত্তৰ গুৱাহাটীক কামৰূপ মহানগৰ জিলাৰ লগত অন্তভুৰ্ক্ত কৰে ৷ সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, দেশ ,জাতি,ৰাইজ আৰু চৰকাৰৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত লোৱা হয় এই সিদ্ধান্ত ৷ আনকি এই সিদ্ধান্ত লওতে তেওঁ যথেষ্ট কষ্ট অনুভৱ কৰে ৷

অৱশ্যে চাৰি জিলাৰ কৰ্তন মাত্ৰ কিছু সময়ৰ বাবে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে জিলা উপায়ুক্তৰ তাৎক্ষণিক প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে শীৰ্ঘেই ১৪ খন গাঁৱৰ মানচিত্ৰও সালসলনি কৰিব।

Exit mobile version