Assam Jugging Association :দিছপুৰত আছাম জগিং এছচিয়েশ্বনৰ সমূহীয়া দৌৰ

WhatsApp Image 2022 12 31 at 18.16.22 1

Assam Jugging Association:

ইংৰাজী নৱবৰ্ষ উপলক্ষে আজি আছাম জগিং এছচিয়েশ্বনৰ দ্বাৰা এক সমূহীয়া দৌৰৰ আয়োজন কৰে ৷ মহানগৰীৰ দিছপুৰ জনতা ভৱন খেল পথাৰত আয়োজন কৰা সমূহীয়া দূৰৰ ফ্লেগ অৱ কৰে আছাম জগিং এছচিয়েশ্বনৰ সভাপতি গীতাৰ্থ পাঠকে।

দিছপুৰ জনতা ভৱন খেল পথাৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পথ পৰিক্ৰমা কৰাৰ অন্তত সমূহীয়া দৌৰৰ সামৰণি পৰে।এইবাৰ  সমূহীয়া দৌৰৰ মুখ্য ধ্বনি আছিল ‘নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে নিযুক্তিৰ সৃষ্টি কৰা’। এশৰো অধিক লোকে এই সমূহীয়া দৌৰত যোগদান কৰে।

উল্লেখযোগ্য যে ১৯৯৪ চনৰ পৰা প্ৰতি বছৰে আছাম জগিং এছচিয়েশ্বনে ৩১ ডিচেম্বৰৰ দিনটোত এই সমূহীয়া দৌৰৰ আয়োজন কৰি আহিছে ।

Exit mobile version