Archaeology Survey Of India :ভাৰতৰ প্ৰাচীন স্মৃতিচিহ্নৰ ৫০ টা অন্তৰ্ধান !

d6455570 fa90 47f7 98c4 c2a2a878f578

Archaeology Survey Of India :

দেশৰ অৰ্ধ শতাধিক প্ৰাচীন স্মৃতিচিহ্ন অন্তধাৰ্ন হোৱাৰ কথা সদৰি কৰিছে সাংস্কৃতিক মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় পুৰাতাত্ত্বিক জৰিপ বিভাগৰ দ্বাৰা সুৰক্ষিত হৈ থকা দেশৰ ৩,৬৯৩টা স্মৃতিচিহ্নৰ ভিতৰত ৫০টা অন্তৰ্ধান হৈছে।

উল্লেখ্য যে যোৱা আঠ ডিচেম্বৰত সংসদৰ এখন স্থায়ী সমিতিক দাখিল কৰা এখন প্ৰতিবেদনত সাংস্কৃতিক মন্ত্ৰালয়ে এই কথা কয়।

সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ (এ এছ আই) অধীনৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা ভালেমান স্মৃতিচিহ্ন বিগত বছৰবোৰত দ্রুত নগৰীকৰণ, বান্ধবোৰৰ জলভাণ্ডাৰত বুৰ যোৱাৰ কাৰণে, ঘন অৰণ্যত থকা দুর্গম স্থানবোৰ বিচাৰি উলিয়াব নোৱৰাৰ কাৰণে বিচাৰি উলিয়াব পৰা হোৱা নাই।’

মনকৰিবলগীয়া যে অন্তর্ধান হোৱা স্মৃতিচিহ্নবোৰৰ ভিতৰত ১১টা উত্তৰ প্ৰদেশৰ বিপৰীতে হাৰিয়ানা, দিল্লী, ৰাজস্থান,মধ্য প্ৰদেশ,মহাৰাষ্ট্ৰৰ দুটাকৈ মুঠ ৮টা। আনহাতে পশ্চিম বংগ, উত্তৰাখণ্ড,অসম আৰু অৰুণাচল প্রদেশৰ এটাকৈ মুঠ পাঁচটা।

এ এছ আইৰ সূত্ৰে প্ৰাপ্ত তথ্য মতে, এইস্মৃতিচিহ্নবোৰ ৰ ভিতৰত ১২টা বুৰ গ’ল জলভাণ্ডাৰ বা বান্ধবোৰত, ১৪টা হেৰাল দ্ৰুত নগৰীকৰণৰ বাবে, আৰু বাকী ২৪ টা বিচাৰি উলিয়াব পৰা হোৱা নাই পুৰাতাত্ত্বিক জৰীপ বিভাগে ৷ তথাপিও সন্ধান অব্যাহত ৰাখিছে জৰীপ বিভাগে ৷

Exit mobile version