Brazil – Argentina : ২৩ জানুৱাৰীত মুখামুখি হ’ব ব্ৰাজিল-আৰ্জেন্টিনা

e23ab31e 6f78 4b18 a074 2d74a11e783d

Brazil – Argentina :

শেষ হ’ল বিশ্বকাপ ফুটবলৰ শেষৰণ । বিশ্বকাপ ফুটবলৰ শীৰ্ষ মুকুট পিন্ধি জয়ৰ সোৱাদ লোৱা আৰ্জেন্টিনাৰ আত্মবিশ্বাস এতিয়া তুংগত ।

ইফালে কাটাৰ ফুটবল বিশ্বকাপৰ কোৱাটাৰ ফাইনেলৰ পৰা বিদায় লৈছিল ব্ৰাজিল । পুনৰ আৰ্জেন্টিনাৰ -ব্ৰাজিল মুখামুখি হোৱাৰ সুযোগ পাব । নতুন বছৰৰ ২৩ জানুৱাৰীত ফুটবলৰ চিৰপ্ৰতিদ্বন্দী দুয়ো দেশৰ দলে পুনৰ খেলপথাৰত নামিব ।

হ’বলগীয়া এই ফুটবলৰ যুদ্ধক লৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা । অৱশ্যে এই প্ৰতিযোগিতাখন অনুৰ্ধ -২০ ৰ মাজত হ’ব ।

” লেটিন আমেৰিকা অনুৰ্ধ -২০ চেম্পিয়নশ্বিপ ” ৰ ৩০ সংখ্যক এই প্ৰতিযোগিতাত অংশ ল’ব এই আৰ্জেন্টিনা -ব্ৰাজিল অনুৰ্ধ ২০ ৰ এই দুই দলে । ইতিমধ্যে এই প্ৰতিযোগিতাত ব্ৰাজিলে ১১ বাৰ আৰু আৰ্জেন্টিনাই পাঁচবাৰ চেম্পিয়ন হৈছে । সমান্তৰালকৈ দুয়োটা দলেই সমানসংখ্যক সাতবাৰকৈ ৰাণাৰ্চআপ হৈছে ।

আগন্তুক ২০ জানুৱাৰীৰ পৰা কলম্বিয়াত এই প্ৰতিযোগিতাৰ আৰম্ভ হ’ব । দুটা গ্ৰুপত মুঠ পাঁচবাৰকৈ দুয়োটা দলে অংশ ল’ব । “এ ” গ্ৰুপত থাকিব ব্ৰাজিল , পেৰাগুৱে ,আৰ্জেন্টিনা, কলম্বিয়া আৰু পেৰু । একেদৰে “বি” গ্ৰুপত আছে ভেনিজুয়েলা, চিলি , ইকুয়েডৰ, উৰুগুৱে আৰু বলিভিয়া । প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব ১২ ফেব্ৰুৱাৰীত ।

Exit mobile version