Eliliano Martinez : বিশ্বকাপৰ পাছতেই আৰ্জেন্টিনাৰ গলৰক্ষক ক্ৰয় কৰিলে ২০ লাখ টকাৰ পহৰাদাৰ কুকুৰ

WhatsApp Image 2023 01 02 at 21.08.44

Eliliano Martinez :

আৰ্জেন্টিনাৰ গলৰক্ষক মাৰ্টিনেজে ২০ লাখ টকাৰ এটা পহৰাদাৰ কুকুৰ ক্ৰয় কৰিছে । ইংলেণ্ডৰ এটা সংস্থাৰ পৰা কিনা এই কুকুৰটো সেনা-বাহিনীৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

সেনা-বাহিনীৰ লগত কাম কৰা শেষ হৈ গ’লে ব্যক্তিগতভাৱে এনে চিকাৰী কুকুৰ ক্ৰয় কৰিব পাৰে । বিশ্বকাপৰ পাছতেই বিতৰ্কই আৱৰি ধৰা মাৰ্টিনেজে এইবাৰ অন্য এটা কাৰণৰ বাবে সংবাদৰ শিৰোনামা দখল কৰিছে ।

প্ৰাপ্ত খবৰ মতে বিশ্বকাপত শ্ৰেষ্ঠ গলৰক্ষকৰ পদক লাভ কৰাৰ পাছতেই এই বৃহৎ অংকৰ ধন দি এটা চিকাৰী কুকুৰ ক্ৰয় কৰিছে । তেওঁ আৰু পৰিয়ালটোৰ পহৰাদাৰ কৰিবলৈকে এই কুকুৰ ক্ৰয় কৰিছে মাৰ্টিনেজে ।

এই চিকাৰী কুকুৰটো বেলজিয়ান চেফাৰ্ড গোত্ৰৰ । পূৰ্বতে আমেৰিকা সেনা বাহিনীৰ লগত যুদ্ধক্ষেত্ৰত যোৱাৰ অভিজ্ঞতা আছে কুকুৰটোৰ

কাম কৰিছে ” চাচ” সংস্থাৰ লগতো । এইজাতৰ কুকুৰৰ ঘ্ৰাণশক্তি সাংঘাতিক প্ৰখৰ । সমান্তৰালকৈ কোনো বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰিব পাৰে ।

শত্ৰু দেখিলেই লগে লগে আক্ৰমণ কৰিবলৈ উদ্যত হয় । মাৰ্টিনেজে এই কুকুৰটো ২০ হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২০ লাখ টকাৰে ক্ৰয় কৰিছে । ইয়াৰ ওজন প্ৰায় ৩০ কেজি ।

Exit mobile version