Supreme Court Judgement : কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ !

বিমুদ্ৰাকৰণ সন্দৰ্ভত দাখিল কৰা আবেদন নাকচ ন্যায়ালয়ৰ

1672637974 3

Supreme Court Judgement :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৬ বৰ্ষৰ আঠ নৱেম্বৰৰ নিশাভাগত এক জৰুৰী নিদৰ্শনাক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল ৷ আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৫৮ আবেদন ন্যায়ালয়ে খাৰিজ কৰি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত এক বিধিগত প্ৰক্ৰিয়া বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে, বিমুদ্ৰাকৰণৰ সময়ত বজাৰত ১৭.৯৭ লাখ কোটি টকাৰ নোট আছিল। ইয়াৰ ভিতৰত ৫০০ আৰু ১০০০ টকাৰ নোটৰ মূল্য আছিল ১৫.৪৪ লাখ কোটি টকা। সেই ধনৰ ৯৮.৯ শতাংশ, অৰ্থাৎ ১৫.৩১ লাখ কোটি টকা বেংকলৈ ঘূৰি আহে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বাধীন পাঁচজনীয়া সংবিধান বিচাৰপীঠৰ ন্যায়াধীশ ক্ৰমে বি আৰ গাভাই,এ এছ বোপান্না,ভি ৰামসুব্ৰমনিয়াম আৰু বি ভি নাগাৰাহানাওৰ ৪:১ সংখ্যাগৰিষ্ঠতাৰে ৰায়দান কৰে।

আনহাতে বিচাৰপীঠৰ একমাত্ৰ এজন ন্যায়াধীশ বি ভি নাগাৰাহানাওৱে ৰায়দানৰ বিপক্ষে মতপ্ৰকাশ কৰি কয়,চৰকাৰে ইমান ততাতৈয়াকৈ বিমুদ্ৰাকৰণ ব্যৱস্থাটো কৰিব নালাগিছিল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বিৰূপ প্ৰভাৱ অৰ্থনীতি আৰু নাগৰিকৰ ওপৰত পৰে।

স্মতৰ্ৱ্য যে পাঁচজনীয়া যৌথ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান কেন্দ্ৰীয় চৰকাৰৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে ৷মনকৰিবলগীয়া যে আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা পি চিদাম্বৰমে দাবী কৰিছিল যে বিমুদ্ৰাকৰণৰ ওপৰত সিদ্ধান্ত ল’বলৈ কেন্দ্ৰই আৰবিআইৰ সৈতে আলোচনা কৰিব লাগে।

কিন্তু এই ক্ষেত্ৰত আৰবিআই-ৰ স’তে কেন্দ্ৰৰ বৈঠকৰ সৱিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।ইপিনে, আৱেদন দাখিল কৰা এজন আবেদনকাৰীয়ে দাবী কৰিছিল যে নোট নিষেধাজ্ঞাৰ সময়ত তেওঁ বিদেশত আছিল।

তেওঁৰ ঘৰত বহুত নগদ ধন আছিল। তেওঁ ঘৰলৈ উভতি আহিবলৈ বহুত পলম হৈছিল। ফলস্বৰূপে, তেওঁ ৫০০ আৰু ১,০০০ টকাৰ নোট সলনি কৰিব নোৱাৰিলে। তেওঁৰ নোট সলনি কৰা হোৱা নাই। তেওঁ এতিয়া এই টকাৰে কি কৰিব?

Exit mobile version