Thief’s Escape : মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি

হেণ্ডকাফসহ পলাল এটা কুখ্যাত চোৰ

d0f1549a 8679 4949 96aa aac631f05027

Thief’s Escape :

মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে এটা কুখ্যাত চোৰে ৷উল্লেখ্য যে ভৰলুমুখ আৰক্ষীয়ে শিৱ কুমাৰ নামৰ বাইক চোৰটোক আটক কৰিছিল ৷

আটকাধীন চোৰটোক আদালতত হাজিৰ কৰাৰ অন্তত পুনৰ থানালৈ আনিছিল ৷ কিন্ত থানাত হেণ্ডকাফসহ থকাৰ সময়তে সুযোগ বুজি হেণ্ডকাফৰ স’তে পলায়ন কৰে ৷

থানাৰ পৰাই বিচাৰা চোৰৰ পলায়নত পাছতে হুৱাদুৱা লাগে ভৰলুমুখ থানাত ৷ আৰক্ষীৰ দায়িত্বহীনতা আৰু কত্তৰ্ব্যৰ গাফিলতিক লৈ পুনৰ নানান প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ ইতিমধ্যে ভৰলুমুখ আৰক্ষীয়ে থৰকাছুটি হেৰুৱাই পলাতক কুখ্যাত বাইক চোৰটোৰ সন্ধানত ব্যাপক অভিযান চলাইছে ৷

Exit mobile version