Defence Minister Rajnath Singh To Visits Arunachal : অৰুণাচলৰ ছিয়াংত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

চীন সিমান্তৰ ২৭টা আন্তঃগাঁথনি প্ৰকল্প সহ ছিয়ম দলং উদ্বোধন

f622effc 39e5 4fdf 954a 6a9166fa5613

Defence Minister Rajnath Singh To Visits Arunachal :

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ টাৱাংৰ এল চি ত যোৱাবৰ্ষৰ শেষৰ ভাগত ভাৰতীয় সেনাৰে চীন সৈন্যৰে সংঘটিত হোৱা সংঘৰ্ষৰ পাছত পোনপ্ৰথমে বাৰৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি উপস্থিত হয় চিয়াং জিলাত ৷

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰি উলিওৱা ২৭টা আন্তঃগাঁথনি প্ৰকল্প সহ অলং-য়িকিয়ংক সংযোগ কৰা ছিয়ম সেঁতুখন উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় , বসুধৈৱ কুটুম্বকমৰ বাৰ্তা ভাৰতৰ ভূমিৰ পৰাই গ’ল বুলি চুবুৰীয়া ৰাষ্ট্ৰ খনক কটাক্ষ কৰে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে কয়, ভাৰত যেনেকৈ শান্তিৰ উপাসক তেনেকৈ শক্তিৰো উপাসক।

পৃথিৱীত দৈনিক যিকোনো ধৰণৰ সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে বুলি মন্তব্য কৰি সিঙে কয় ভাৰতে সদায় যুদ্ধ বিৰুদ্ধে অৱস্থান কৰি আহিছে ৷এইয়া ভাতৰৰ শান্তিৰ সংকেত ৷

কিন্ত তাৰ অৰ্থ এইটো নহয় যে কোনোৱে আমাৰ ওপৰত যুদ্ধ জাপি দিব আৰু আমি হাত সাৱটি বহি থাকিম৷যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাতৰ সদায় সাজু থাকিব বুলি কৈ একপ্ৰকাৰ চীনক সকীয়নি প্ৰদান কৰে ৷

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে আৰু কয় যে দক্ষিণ পূব এছিয়া অন্যতম উত্তৰ – পুৰ্বাঞ্চল সুৰক্ষা ,দ্ৰত উন্নয়ন,বাণিজ্য,পৰ্যটন আদি ক্ষেত্ৰত সামগ্ৰিক প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷

আমাৰ দেশৰ এই পূব অংশ যিমানেই শক্তিশালী হ’ব সিমানেই আমাৰ সমগ্ৰ দেশ শক্তিশালী হ’ব ৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, কে’বা গৰাকী কেবিনেট মন্ত্ৰী, ভাৰতীয় সেনাৰ ফৰ ক’ৰৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা সহ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে আজি উদ্বোধন কৰা এই দলংখনে চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দাঁতিকাষৰীয়া দুৰ্গম আৰু পৰ্বতীয়া অঞ্চলত ভাৰতীয় সৈন্যৰ কুজকাৱাজৰ ক্ষেত্ৰত সামৰিক সুবিধাৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । ১০০মিটাৰ দৈৰ্ঘ্যৰ ছয়ম দলং খনে পৰ্বতীয়া অঞ্চলটোৰ বাসিন্দা সকলৰ চলাচল বাবে যথেষ্ট সহায়ক হ’ব ৷

Exit mobile version