Gmc Eviction Drive:মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

WhatsApp Image 2023 01 03 at 20.57.22

Gmc Eviction Drive:

বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷

দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ মঙলবাৰৰ পৰা জিএম চি শ্ৰমিক এফালৰ পৰা ভাঙে প্ৰায় শতাধিক দোকান ৷

একেদৰে অনুজ্ঞাপত্ৰ বিহীনভাৱে ফুটপাথত থকা হডিং আৰু বেনাৰো উচ্ছেদ কৰে জি এম চিয়ে ৷

উল্লেখ্য যে জি-২০ শীৰ্ষক সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰখন সবাংগসুন্দৰ কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত জি এম চিয়ে যুদ্ধকালীন তৎপৰতাৰে মহানগৰৰ পদপথৰ পৰা দোকান- পোহাৰ উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

Exit mobile version