Gold : ২০২৩ বৰ্ষত সোণৰ মূল্যই স্পৰ্শ কৰিব পাৰে ৬২ হেজাৰ টকাৰ সীমা

gold

Gold :

২০২৩ বৰ্ষতো সোণ-ৰূপৰ ব্যৱসায়ৰ বাবে অধিক লাভজনক হ’ব পাৰে। ডলাৰৰ মূল্যবৃদ্ধি, মুদ্রাস্ফীতিৰ দৰে কাৰকৰ ফলত সোণ-ৰূপত বিনিয়োগ কৰিলে চলিত বৰ্ষত বিনিয়োগকাৰীসকল অধিক লাভবান হোৱাৰ সম্ভাৱনা আছে।

সোণৰ মূল্য ২০২৩ বৰ্ষত সৰ্বকালীন সর্বাধিক হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিলে আইচিআইচিআইৰ সঞ্চালকে। বিশেষজ্ঞজনৰ মতে, চলিত বৰ্ষত প্ৰতি ১০ গ্রাম সোণৰ মূল্য ৬২ হেজাৰ টকাৰ অধিক হ’ব পাৰে।

একেদৰে প্রতি কিলো ৰূপৰ মূল্য ২০২৩ বৰ্ষত ৮০ হেজাৰ টকালৈকে বৃদ্ধিৰ সম্ভাৱনা আছে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত প্ৰতি ১০ গ্রাম সোণৰ মূল্য ৪৯ হেজাৰ টকালৈ হ্ৰাস পাইছিল আৰু ডিচেম্বৰৰ অন্তিম ভাগত এই মূল্য ৫৬ হেজাৰ টকালৈ বৃদ্ধি পাইছিল।

Exit mobile version