Russia-Ukraine War : নৱবৰ্ষৰ নিশা ৪০০ ৰুছ জোৱানৰ মৃত্যু,দাবী ইউক্রেইনৰ

1672661004 russia 1

Russia-Ukraine War :

সমগ্ৰ বিশ্বই ইংৰাজী নৱবৰ্ষ পালন কৰাৰ সময়তে ইউক্রেইনত ধাৰাবাহিক ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলালে ৰাছিয়াৰ সেনা বাহিনীয়ে।

নতুন বছৰৰ আৰম্ভণিতে ইউক্রেইনৰ ৰাজধানী কীভসহ একাধিক অঞ্চলত ৰুছ সেনাই ড্র’ন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত নতুন ত্রাস সৃষ্টি হ’ল ভ্লাডিমীৰ জেলেনস্কিৰ দেশত।

ইফালে, ইউক্রেইনৰ সেনা বাহিনীৰ দাবী অনুসৰি, নৱবৰ্ষৰ দিনা ৰুছ সেনাই চলোৱা এই আক্ৰমণৰ প্ৰত্যুত্তৰত ইউক্রেইনে কৰা প্ৰতিআক্ৰমণত প্ৰাণ হেৰুৱালে কমেও ৪০০ ৰুছ সৈনিকে।

জেলেনস্কি বাহিনীৰ দাবী অনুসৰি, ৩১ ডিচেম্বৰৰ নিশা ৰাছিয়াই ইউক্ৰেইনত পুনৰ ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰৰ আক্রমণ চলাইছিল যদিও ডনেৎস্ক আৰু মাভিকা চহৰত ইউক্ৰেইনৰ সেনাই চলোৱা প্ৰতিআক্ৰমণত প্ৰাণ হেৰুৱালে কমেও ৪০০ ৰুছ সৈনিকে।

তাৎপৰ্যপূৰ্ণভাৱে এই আক্ৰমণ আৰু প্রাণহানিৰ কথা স্বীকাৰ কৰিলে ডনেৎস্কৰ মস্কো নিয়ন্ত্রিত প্রশাসনে।

Exit mobile version