Russian Man Found Dead In Odisha : উৰিষ্যাত পুনৰ উদ্ধাৰ এজন ৰুছ নাগৰিকৰ মৃতদেহ

1672727842 russia

Russian Man Found Dead In Odisha :

উৰিষ্যাত উদ্ধাৰ এজন ৰাছিয়ান নাগৰিকৰ মৃতদেহ । ১৫ দিনৰ ব্যৱধানত, উৰিষ্যাত তিনিজন ৰাছিয়াৰ নাগৰিকৰ মৃত্যু হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে জগত সিংপুৰ জিলাৰ পাৰাদীপ বন্দৰত এখন জাহাজৰ পৰা ৰাছিয়াৰ নাগৰিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃত ব্যক্তিজন ৫১ বছৰীয়া মিলিয়াকভ ছেৰ্গেই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি,’এম বি আলদনাহ’ জাহাজখনৰ মুখ্য অভিযন্তা আছিল মিলিয়াকভ ।

জাহাজখন বাংলাদেশৰ চিটাগং বন্দৰৰ পৰা পাৰাদ্বীপ হৈ মুম্বাইলৈ যায় । মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত জাহাজখনৰ এটা কোঠাত মৃত অৱস্থাত তেওঁক পোৱা যায় । আৰক্ষীয়ে এতিয়াও মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা নাই।

পাৰাদ্বীপ পোৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ পি এল হৰানন্দই ৰাছিয়ান অভিযন্তাৰ মৃত্যুনিশ্চিত কৰি কয় যে বিষয়টোৰ তদন্ত চলি আছে।

যোৱা বছৰ ডিচেম্বৰৰ শেষত উৰিষ্যাৰ ৰায়গাদা চহৰত এজন ৰাজনীতিবিদসহ দুজন ৰাছিয়াৰ নাগৰিকক ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

২৪ ডিচেম্বৰত ৰাছিয়াৰ ৰাজনীতিবিদ ৬৫ বছৰীয়া পাভেল এণ্টভৰ এখন হোটেলৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু হয়। ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰত হোটেলৰ কোঠাৰ পৰা ৬১ বছৰীয়া পাভেলৰ বন্ধু ভ্লাদিমিৰ বিডেনভৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

উৰিষ্যা আৰক্ষীয়ে দুয়োটা ঘটনাৰ তদন্ত কৰি আছে। একেখন হোটেলতে দুজন ৰাছিয়ান নাগৰিকৰ মৃত্যুৱে চঞ্চল্যৰ সৃষ্টি কৰিছিল ।

বিশেষকৈ, দুয়োজন ৰাছিয়াৰ এজন পুটিনৰ সমালোচক হোৱাত ৰহস্য গভীৰ হৈ পৰে । ইফালে, উৰিষ্যাত আন এজন ৰাছিয়াৰ নাগৰিকৰ মৃত্যুৱে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

Exit mobile version