Sivsagar : দিখৌৰ পাৰত দীনেশ মন্টু দত্তই ৰচিছে সেউজীয়া সপোন

WhatsApp Image 2023 01 03 at 18.22.04

Sivsagar :

মনৰ ইচ্ছা শক্তি যদি প্ৰৱল হয় । কিবা এটা কৰাৰ প্ৰৱল হেঁপাহ যদি মনত থাকে তেতিয়া মানুহৰ সপোন বাস্তৱত পৰিণত হোৱাতো নিশ্চিত ।

শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খনাখোকোৰাৰ দুলীয়া গাঁৱৰ নিবাসী দীনেশ মন্টু দত্ত ইয়াৰ এক অন্যতম উদাহৰণ ।

মনত দুৰ্বাৰ হেঁপাহ আগত লৈ দীনেশ মন্টু দত্তই দিখৌ নদীৰ পাৰত নিজাকৈ প্ৰায় আঠ বিঘা মাটিত সৰিয়হ, আলু, কবি আৰু ৰঙালাউ খেতি কৰে । পুৱাৰে পৰা সন্ধিয়ালৈকে মূৰৰ ঘাম মাটিত পেলাই ৰূপায়ন কৰা খেতিয়ে দীনেশৰ মুখত হাঁহি বিৰিঙাইছে ।

দুবিঘাৰো অধিক মাটিত ৰূপায়ন কৰা সৰিয়হৰ হালধীয়া ফুলে দিখৌৰ পাৰত উজলাই তুলিছে প্ৰাকৃতিক মনোমোহা পৰিৱেশ । তিনি বিঘা মাটিত ৰূপায়ন কৰা আলু খেতিৰ উপৰি দুবিঘা মাটিত কবি আৰু ইয়াৰ মাজতে আঢ়ৈ বিঘাৰো অধিক মাটিত ৰূপায়ন কৰা ৰঙালাউ খেতিয়ে দীনেশৰ জীৱনলৈ যেন কঢ়িয়াই আনিছে আশাৰ বতৰা ।

উলেখ্য যে উচ্চ শিক্ষিত বিবাহিত যুৱক দীনেশ মন্টু দত্তই চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি একাগ্ৰতাৰে আজিৰ পৰা সাত বছৰৰ আগৰে পৰা মনোনিবেশ কৰি আহিছে কৃষি কৰ্মত । প্ৰতি বছৰে কৃষি কৰ্মৰ জড়িয়তে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দীনেশে অভাৱ অনাটনৰ সন্মুখীন নোহোৱাকৈয়ে কেৱল কৃষি কৰ্মৰ জড়িয়তে পোহ-পাল দি আহিছে গৃহ সংসাৰ ।

সম্প্ৰতি কৃষি কৰ্মৰ মাজতে লাভজনক উপাৰ্জন পথ বাচি লোৱা দীনেশে কৃষি কৰ্মক আৰু অধিক প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে ।

যি সময়ত নৱ প্ৰজন্মৰ গৰিষ্ঠ সংখ্যকৰ মনত চৰকাৰী চাকৰিমুখী প্ৰৱণতা বৃদ্ধি হৈছে । যি সময়ত সহজলভ্য উপাৰ্জনৰ আশাত লাখ লাখ নিবনুৱাই বিদেশলৈ ঢাপলি মেলিছে তেনে সময়ত দীনেশ মন্টু দত্তৰ দৰে উদ্যমী যুৱকে ঘৰতে থাকি কৃষিকৰ্মৰ জড়িয়তে লাভজনক আয়ৰ পথ মুকলি কৰি সমাজৰ বাবে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে ।

Exit mobile version