Tallest Man : ২৯ বছৰ বয়সতো বৃদ্ধি হৈ আছে উচ্চতা

কিয় প্লাষ্টিক ছার্জাৰী কৰাব বিচাৰে সাত ফিট চাৰি ইঞ্চিৰ যুৱকজনে

WhatsApp Image 2023 01 03 at 20.18.00

Tallest Man :

২৯ বছৰ বয়সত ছোলেমানা আব্দুল ছামেদৰ উচ্চতা সাত ফুট চাৰি ইঞ্চি ৷ মাত্র এক ফুট দীঘল হ’লেই তেওঁ উচ্চতাত স্পর্শ কৰিব চুলতান কোচেনক ৷ তুৰস্কৰ চুলতান কোচেন উচ্চতাত গিনিছ বুক অৱ ৱর্ল্ড ৰেকর্ডধাৰী ৷

তেৱেঁই এই পৰ্যন্ত বিশ্বৰ উচ্চতম ব্যক্তি ৷ প্রাথমিক পর্যায়ত উত্তৰ ঘানাৰ এক স্থানীয় হাস্পাতাল সূত্রে জনোৱা হয় চুলতানৰ উচ্চতা ন ফিট ছয় ইঞ্চি ৷ কিন্তু পাছত গ্রামীণ চিকিৎসাকেন্দ্রৰ পৰা জনোৱা হয় তেওঁৰ উচ্চতাৰ সঠিক পৰিমাপ

চিকিৎসকসকলে জনাইছে তেওঁ জায়গান্টিজম-ত আক্রান্ত ৷ তেওঁৰ শৰীৰ ওখ হোৱাৰ প্রক্রিয়া এতিয়াও বন্ধ হোৱা নাই ৷ তেওঁৰ মতা নাম এউচে ৷ বিবিচি-ৰ এজন সাংবাদিকে তেওঁৰ উচ্চতাৰ পৰিমাপ কৰে ১৬ ফিট দীঘল ফিটাৰে ৷ ছোলেমানা আশাবাদী, এদিন তেওঁ বিশ্বৰ দীর্ঘতম ব্যক্তি হ’ব ৷

তেওঁ কয়, ‘‘ম‌ই এতিয়াও ওখ হৈ আছো ৷ এদিন হয়তো ম‌ই চুলতানৰ উচ্চতা স্পৰ্শ কৰিম ৷’’ তেওঁ আৰু ব্যাখ্যা কৰি কয়, ‘‘তিনি-চাৰি মাহৰ মুৰে মুৰে কোনোৱে মোক দেখিলে তেওঁ সহজেই বুজিব পাৰিব যে ম‌ই আগতকৈ ওখ হৈছো ৷’’

উচ্চতাৰ বাবে ছোলেমানা তেওঁৰ গাঁৱত প্ৰসিদ্ধ ৷ অধিক অর্থ উপার্জন কৰি তেওঁ প্লাষ্টিক ছার্জাৰী কৰাব বিচাৰে ৷ কাৰণ এখন ভৰি, গোৰুহা আৰু ভৰিৰ ছাল সংক্রান্ত সমস্যা আছে ৷

অতিৰিক্ত বাবেই এই সমস্যাই দেখা দিছে ৷ অৱশ্যে তেওঁৰ চেহেৰাক লৈ কোনও আক্ষেপ নাই ৷ কয় যে ঈশ্বৰে তেওঁক যিদৰে সৃষ্টি কৰিছে, তাতেই তেওঁ সুখী ৷

Exit mobile version