Assam-Meghalaya : অসম-মেঘালয় সীমান্তত বন বিভাগৰ ধাৰাবাহিক অভিযান

পশ্চিম কাৰ্বি আংলঙৰ ৰংচেজেঙত পুনৰ মেঘালয়ৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

WhatsApp Image 2023 01 04 at 17.33.40

Assam-Meghalaya :

অসম-মেঘালয় সীমান্তত বন বিভাগৰ ধাৰাবাহিক অভিযান। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ জেৰিকীণ্ডিঙৰ ৰংচেজেঙত নিশা মেঘালয়ৰ এখন কুণ্ডাভৰ্তি ট্ৰাক জব্দ কৰে খেৰণি বন বিভাগে।

উল্লেখ্য যে খেৰনি বন বিভাগৰ বিষয়া মনছিং তিচ্ছৰ নেতৃত্বত চলোৱা অভিযানত কুণ্ডাভৰ্তি নম্বৰবিহীন ট্ৰাকখন পশ্চিম কাৰ্বি আংলঙৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয় লৈ অবৈধভাৱে কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে অভিযানকাৰী দলটোয়ে।

ইতিমধ্যে জব্দকৃত বাহনখন খেৰনি বনাঞ্চলিক কাৰ্যলয়ত আনি বন বিভাগে অব্যাহত ৰাখিছে তদন্ত। ইয়াৰ পূৰ্বেও অৰ্থাৎ যোৱা শনিবাৰেও সীমান্তৰ ৰংছেজেঙত গোপন সূত্ৰৰ পম খেদি এখন নম্বৰবিহীন কুণ্ডাভৰ্ত্তি ট্ৰাক জব্দ কৰিছিল খেৰণি বন বিভাগে।

অতিকৈ গুৰুত্বপূৰ্ণ অথবা এক কথাত কবলৈ গলে মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লাভ কৰা নাই মেঘালয়ৰ বনদস্যুয়ে। অসম-মেঘালয় সীমান্তত আজিও চলায় আছে অবৈধ কুণ্ডা সৰবৰাহৰ কাৰ্য।

যোৱা ২২ নৱেম্বৰত কুণ্ডা সৰবৰাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ গৈ অসম-মেঘালয় সীমান্তৰ মুক্ৰত খাছী দুৰ্বৃত্ত আৰু আৰক্ষী-খেৰণি বন বিভাগৰ বনকৰ্মীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ আৰু গুলিচালনাৰ দৰে ঘটনা |

য’ত ৫ জনকৈ খাছী লোক নিহত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙৰ বিদ্যাছিং লেকথে নামৰ এজন গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছিল। কিন্তু ইমানৰ পাছতো শেষ হোৱা নাই বনদস্যু অথবা খাছী দুৰ্বৃত্তৰ দপদপনি কাৰ্বি পাহাৰত।

Exit mobile version